গুৱাহাটী : আজি ৰাজ্যত অনুষ্ঠিত কৰিবলগীয়া ক’ভিডৰ মহা টীকাকৰণ অভিযানৰ অংশ হিচাবে কামৰূপ মহানগৰ জিলাৰ এই অভিযানত লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে দিনটোত ৭৫ হাজাৰ লোকক দ্বিতীয় পালি ক’ভিড ভেকচিন প্ৰদানৰ। মহা টীকাকৰণ অভিযানৰ প্ৰস্তুতি তথা কাৰ্যকৰী ব্যৱস্থাৰ বুজ ল’বলৈ বৃহস্পতিবাৰে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব তথা মহা টীকাকৰণৰ অভিভাৱক সচিব পৱন বৰঠাকুৰ এক বৈঠক মিলিত হয়। কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত বিশ্বজিৎ পেগু, গুৱাহাটী পৌৰনিগমৰ অতিৰিক্ত আয়ুক্ত পুলক মহন্ত, অতিৰিক্ত উপায়ুক্ত সকল, চক্ৰ বিষয়া, সহকাৰী আয়ুক্ত তথা স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰী, এম পি ডব্লিউ, বি এল অ’ সকলৰ লগত এই বৈঠকত অনুষ্ঠিত হয়।
বৈঠকত মুখ্য সচিব গৰাকীয়ে জিলাখনৰ চুকে-কোনে প্ৰথম পালি লোৱাৰ ৮৪ দিন সম্পূৰ্ণ কৰা সকলো লোকে ক’ভিডৰ দ্বিতীয় পালি টীকা গ্ৰহণ কৰিব পৰাকৈ ব্যৱস্থা ল’বলৈ জিলা প্ৰশাসনৰ প্ৰতি আহ্বান জনায়। ইয়াৰ পিছতে মুখ্য সচিবে কামৰূপৰ মহানগৰ জিলাৰ কেইবাটাও টীকা প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰি ব্যৱস্থাৱলীৰ বুজ লয়। যোৱা ২১ জুনৰ পৰা ২৩ জুন তাৰিখে সমগ্ৰ ৰাজ্যত অনুষ্ঠিত কৰা মেগা টীকাকৰণ অভিযানত টীকা গ্ৰহণ কৰা লোকসকলে ইতিমধ্যে ৮৪ দিন সম্পূৰ্ণ কৰি দ্বিতীয় পালি গ্ৰহণ কৰিব পৰা হ’ব।
লগতে পঢ়ক : পুনৰ মহানগৰ আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন
জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ক’ভিড টীকা গ্ৰহণৰ পৰা জিলাখনৰ কোনো লোক যাতে বাদ পৰি যাব নোৱাৰে, তাৰবাবে নিৰ্বাচনৰ ভোট কেন্দ্ৰ অনুসৰি প্ৰতিজন ব্যক্তিৰ সৈতে স্বাস্থ্যকৰ্মী সকলে প্ৰত্যক্ষ যোগাযোগৰ ব্যৱস্থা কৰি ভেকচিন প্ৰদান কাৰ্যকৰী কৰিছে। উল্লেখ্য যে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে দেশজুৰি মেগা ক’ভিড টীকাকৰণ অভিযান কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।