যোৰহাট – অসম বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ পিছতে প্ৰতিটো জিলাৰ প্ৰশাসন তৎপৰ হৈ পৰিছে নিৰ্বাচনকলৈ। ৰাজ্যৰ অন্যান্য জিলা সমূহৰ লগতে যোৰহাট জিলা প্ৰশাসনো তৎপৰ হৈ পৰিছে নিৰ্বাচনৰ প্ৰস্তুতিত। শনিবাৰে যোৰহাট জিলা উপায়ুক্ত ৰৌশনী অপৰাঞ্জেয় কৰৌতিয়ে সমাগত বিধনাসভা নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে এক সংবাদ মেল অনুষ্ঠিত কৰি জিলা প্ৰশাসনৰ প্ৰস্তুতি দাঙি ধৰে।

ক’ৰণা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্রত প্ৰশাসনে কেতবোৰ বিশেষ নিয়ম বান্ধি দিছে। ৰাজনৈতিক দলৰ প্ৰাৰ্থী সকলে মনোনয়ন পত্ৰ প্ৰদান কৰাৰ সময়ত প্ৰাৰ্থী জনৰ লগত মাত্ৰ তিনিজন লোকহে উপস্থিত থাকিব পাৰিব। ইফালে প্ৰাৰ্থী সকলে ঘৰে ঘৰে নিৰ্বাচন প্ৰচাৰৰ সময়ত লগত ৫ জনতকৈ অধিক লোক নিব নোৱাৰিব।

এইবাৰ যোৰহাট জিলাত মুঠ ৭,৫৬,৮৫৬ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু ইয়াৰে ৩,৭৬,৮৬৫ গৰাকী পুৰুষ ভোটাৰ আৰু ৩,৭৯,৯৯১ গৰাকী মহিলা ভোটাৰ। তদুপৰি কভিড প্ৰতি লক্ষ্য ৰাখি এইবাৰ যোৰহাটত মুঠ ১৬৫ টা ভোট কেন্দ্র বৃদ্ধি কৰা হৈছে। যোৰহাটত এইবাৰ মুঠ ভোট কেন্দ্রৰ সংখ্যা থাকিব ১,১০২ টা।

যোৰহাট জিলাৰ ৫ টা সমষ্টিত ৮০ উৰ্দ্ধৰ মুঠ ৯,৩৮৬ গৰাকী ভোটাৰ আছে। তদুপৰি এইবাৰ যোৰহাট জিলা নিৰ্বাচনী আইকন ৰূপে থাকিব অৰণ্য মানৱ যাদৱ পায়েং আৰু লখিমী বৰুৱা। ভোটাৰ সকলক সজাগ কৰিবৰ বাবে ইতিমধ্যে যোৰহাট জিলা প্ৰশাসনে সজাগতা আৰম্ভ কৰিছে। বিগত নিৰ্বাচনত যি কেইটা ভোট কেন্দ্রৰ ভোটাৰ হাৰ কম আছিল সেই কেইটাত কেন্দ্ৰত বিশেষভাৱে পদক্ষেপ গ্ৰহণ কৰা হৈছে।

আনহাতে ২ মাৰ্চৰ পৰা ৯ মাৰ্চৰ ভিতৰত মনোনয়ন পত্ৰ প্ৰাৰ্থীয়ে দাখিল কৰিব পাৰিব আৰু দহ মাৰ্চত এই মনোনয়ন পত্ৰ সমূহৰ নিৰীক্ষণ কৰা হ’ব। কোনো প্ৰাৰ্থীয়ে যদি মনোনয়ন প্ৰত্যাহাৰ কৰিব বিচাৰে তেনেহ’লে সেইয়া ১২ মাৰ্চৰ ভিতৰত কৰিব লাগিব। উল্লেখ্য যে যোৰহাট লোক সভা সমষ্টিৰ বাবে জিলা উপায়ুক্ত ৰৌশনী অপৰাঞ্জেয় কৰৌতি, দেৰগাঁও সমষ্টিৰ বাবে ধীৰাজ দাস আৰু টিয়কৰ বাবে বিশ্বজিৎ ফুকন ৰিটাৰ্নিং অফিচৰ ৰূপে থাকিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply