গুৱাহাটী : অসমত ভয়াবহভাৱে বৃদ্ধি পাইছে কোৰোনাত আক্রান্ত লোকৰ সংখ্যা। প্ৰতিদিনে অসমত নতুন নতুন লোকৰ শৰীৰত মাৰাত্মক কোৰোনাৰ অৱস্থিতি ধৰা পৰিছে। নিয়ন্ত্ৰণ হোৱা নাই কোৰোনাত আক্রান্ত ৰোগীৰ মৃত্যুৰ হাৰ।

অসমত আজিৰ দিনটোত ৪০৭৮ জন আক্ৰান্ত হৈছে কোৰোনাত। আনহাতে আজিৰ দিনটোত ৰাজ্যৰ ৭৬ জন লোকৰ মৃত্যু হৈছে কোৰোনাত আক্রান্ত হৈ। আজিৰ দিনটোত নতুনকৈ আক্রান্ত হোৱা লোক সকলৰ ভিতৰত কামৰূপ মহানগৰ জিলাত আছে ১১০৭ জন লোক। আজিৰ দিনটোত ৪৪০৫৭ জন লোকৰ ক’ভিড পৰীক্ষা কৰোৱা হৈছিল।

দিনটোৰ পজিটিভিটীৰ হাৰ হৈছে ৯.২৬ শতাংশ। আনহাতে আজিৰ দিনটোত ৰাজ্যত ৮৫.৮০ শতাংশ লোক সুস্থ হৈ উঠিছে। ইফালে ডিব্ৰুগড় জিলাৰ মৰাণৰ নাহৰনি গাঁৱত আজিৰ দিনটোতে ৪০ জন লোক আক্ৰান্ত হৈছে ক’ভিডত। এখন বিবাহৰ পিছতেই গাঁওখনত এই সংক্ৰমন হৈছে।

গাঁওখনক ইতিমধ্যে কোৱেৰেন্টাইন কৰা হৈছে। আনফালে নুমলীগড় চাহ বাগিচাত ক’ভিডৰ গণ সংক্ৰমণ ঘটা পৰিলক্ষিত হৈছে। বাগিচাখনৰ দুটা লাইন কোৱেৰেন্টাইন জ’ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply