গুৱাহাটীঃ অসমৰ মুখ্যমন্ত্ৰী ড০  হিমন্ত বিশ্ব শৰ্মাই ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেল পথাৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। খানাপাৰাত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত বহুকেইটা সিদ্ধান্তৰ কথা অৱগত কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ কেইবাখনো কাৰাগাৰত বহুকেইগৰাকী নিৰপৰাধী লোক গ্ৰেপ্তাৰ হৈ আছে । তেওঁলোকৰ বিচাৰ-বিবেচনা কৰি মুকলি কৰি দিয়া হ’ব লগতে শিশু, কিশোৰ-কিশোৰীৰ হত্যা, বলাৎকাৰৰ গোচৰত কঠোৰ হ’ব চৰকাৰ। ১৪ বছৰৰ তলৰ কিশোৰ-কিশোৰীৰ হত্যা, বলাৎকাৰৰ গোচৰত যাতে অপৰাধীয়ে ফাঁচি পৰ্যন্ত শাস্তি পায় ইয়াৰ বাবে বিশেষ আইন বলবৎ হ’ব আৰু আইনৰ সংশোধন কৰিব ৰাজ্য চৰকাৰে।

স্বাধীনতাৰ অমৃত মহোৎসৱৰ দিনটোতে নিৱনুৱালৈ সুখবৰ দিলে মুখ্যমন্ত্ৰীয়ে। ১ লাখ চৰকাৰী চাকৰি দিয়াৰ বাবে সংকল্পবদ্ধ ৰাজ্য চৰকাৰৰ। ছেপ্টেম্বৰৰ ভিতৰত আৰু ১০ হাজাৰ যুৱক-যুৱতীক চাকৰি দিয়া হ’ব। 

ৰাজ্যত ১৫০০০নতুন অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰা হ’ব। মাধ্যমিক শিক্ষাক নতুন বুনিয়াদ হিচাপে সংকল্প গঢ়ি তুলিবলৈ শিক্ষাখণ্ডলৈ চাৰি কোটি অনুদান আগবঢ়াব ৰাজ্যচৰকাৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে স্বাধীনতা দিৱসৰ কাৰ্যসূচীত আলফা স্বাধীনৰ প্ৰসংগও উল্লেখ কৰে। আলফা স্বাধীনক আলোচনাৰ মেজলৈ আহিবলৈও আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কয়, ‘‘স্বাধীন অসমৰ কল্পনা কৰাসকলক অসমবাসীয়ে দেখুৱাই দিলে। যোৱা তিনিদিনত অসমবাসীয়ে দেখুৱালে দেশপ্ৰেম। ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব আমাৰ বাবে নন নিগোচিয়েবল। স্বাধীন অসমৰ সপোন দেখাসকলে এক শিক্ষা পালে। যোৱা তিনিদিনত এই শিক্ষা পালে তেওঁলোকে। আলাপ–আলোচনাৰ মঞ্চলৈ উভতি আহক। মান–মৰ্যাদা, স্বাভিমানৰ ভিত্তিত আলোচনা কৰিম।’’

এই বৰ্ষতে অসমৰ বিপিএল কাৰ্ড থকা,ৰেচন কাৰ্ড থকা  প্ৰতি ঘৰ মানুহক আয়ুস্মান ভাৰত আঁচনিত অন্তৰ্ভুক্ত কৰিব। গ্ৰামাঞ্চলৰ ৮৫শতাংশ আৰু চহৰাঞ্চলৰ ৭৫শতাংশ লোকক অন্তৰ্ভুক্ত কৰা হ’ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। 

বছৰত এবাৰ হ’লেও নিজৰ ল’ৰা-ছোৱালীক নিজৰ গাঁৱখনলৈ লৈ যাবলৈ চহৰাঞ্চলত বাস কৰা গ্ৰামাঞ্চলৰ লোকসকলৈ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ। ইয়াৰ ফলত ল’ৰা-ছোৱালীয়ে মানৱীয় প্ৰমূল্য শিকিব আৰু গাঁৱৰ সেউজীয়া পৰিৱেশত অসমখনক ভাল পাবলৈ শিকিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply