গুৱাহাটী : দেশত ক’ভিডৰ দ্বিতীয়টো ঢৌৱে তাণ্ডৱ চলাই প্ৰতিদিনে কেইবা লক্ষাধিক লোকক আক্রান্ত কৰি মৃত্যুৰ মুখলৈ ঠেলি দিছে হাজাৰ হাজাৰ লোকক। দেশৰ ৰাজধানী দিল্লী, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশৰ অৱস্থা অতিকৈ শোচনীয় হৈ পৰিছে। আক্রান্তৰ সংখ্যা ইমানেই বৃদ্ধি পাইছে যে চিকিৎসালয় সমূহত ৰোগীৰ বাবে ঠাইৰ অভাৱ হোৱাৰ লগতে নাটনি পাইছে অক্সিজেনৰ।
বৰ্তমানলৈকে অসমৰ পৰিস্থিতি নিয়ন্ত্ৰণত আছে যদিও নতুনকৈ ক’ভিডত আক্রান্ত লোকৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে। ক’ভিড ৰোগীৰ মৃতকৰ সংখ্যাই বৃদ্ধি পাবলৈ ধৰিছে ৰাজ্যত। যোৱা ২৪ ঘন্টাত অসমত ক’ভিডত আক্রান্ত হৈ মৃত্যুৰ মুখত পৰিছে ৭৭ জনকৈ লোক। ইয়াৰ লগতে ৰাজ্যত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যাই স্পৰ্শ কৰিলে ১৭৫৩ ৰ ঘৰ।
যোৱা ২৪ ঘন্টাত অসমত মৃত্যু হোৱা ৭৭ জন ক’ভিড ৰোগীৰ ভিতৰত ৩০ জন কামৰূপ মহানগৰ জিলাৰ। কামৰূপ আৰু ডিব্ৰুগড়ত মৃত্যুৰ মুখত পৰিছে ১০ জনকৈ লোক, বঙাইগাঁৱত ৪ জন, গোলাঘাট, নলবাৰী, নগাঁও আৰু শিৱসাগৰত ৩ জনকৈ লোকৰ মৃত্যুৰ হৈছে, দৰং, হোজাই, তিনিচুকীয়া আৰু ওদালগুৰি জিলাত ২ জনকৈ ক’ভিড ৰোগীৰ মৃত্যু হোৱাৰ লগতে ১ জনকৈ ৰোগীৰ মৃত্যু হৈছে কৰিমগঞ্জ, ধুবুৰী, যোৰহাট আৰু শোণিতপুৰ জিলাত।
ৰাজ্যত ক’ভিড ৰোগৰী মৃতকৰ সংখ্যাৰ সমান্তৰালে বৃদ্ধি পাইছে আক্রান্তৰ সংখ্যাও। যোৱা ২৪ ঘণ্টাত অসমত ক’ভিডত নতুনকৈ আক্রান্ত হৈছে ৫৮০৩ জন লোক। সোমবাৰৰ দিনটোৰ ক’ভিড পৰীক্ষা কৰা মুঠ ৭২১৯৭ টা নমুনাৰ ভিতৰত ৫৮০৩ টা নমুনা পজিটিভ ওলায়। ইয়াৰে ১৪৮১ জন কামৰূপ মহানগৰৰ।