গুৱাহাটী : ক’ভিড-১৯ অতিমাৰীৰ যুঁজখনক জন আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত এক ইতিবাচক পদক্ষেপ হিচাপে ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডে (আই অ’ চি এল) গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৭৮ খন আই চি ইউ বিচনা আগবঢ়াব। জনতা ভৱনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ গুৱাহাটীস্থ উত্তৰ-পূব বিপণন কার্যালয়ৰ কাৰ্যবাহী সঞ্চালক তথা ৰাজ্যিক মূৰব্বী জি ৰমেশে মুখ্যমন্ত্ৰীক এই বিষয়ে অৱগত কৰে।
আই অ’ চি এলৰ এই প্রয়াসক প্রশংসা কৰি মুখ্যমন্ত্ৰীয়ে ইয়াক সামাজিক দায়বদ্ধতাৰ এক উৎকৃষ্ট উদাহৰণ বুলি অভিহিত কৰে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে আই অ’ চি এলৰ এই প্রয়াসে ৰাজ্যখনৰ ক’ভিড আক্রান্ত ৰােগীসকলক উপযুক্ত চিকিৎসা আগবঢ়োৱাৰ ক্ষেত্ৰত ইতিবাচক প্রভাৱ পেলাব।
লগতে পঢ়ক : শিশুৰ বাবে ইনচিভ কেয়াৰ ইউনিট স্থাপন কৰিব ৰাজ্য চৰকাৰে
সাক্ষাৎকালত ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ গুৱাহাটীস্থ উত্তৰ-পূব বিপণন কার্যালয়ৰ কাৰ্যবাহী সঞ্চালক তথা ৰাজ্যিক মূৰব্বী জি ৰমেশৰ লগতে মুখ্য মহাপ্ৰৱন্ধক (অপাৰেশ্যন) কে ভি ৰামানামূৰ্ত্তি, ভাৰপ্রাপ্ত মহাপ্ৰৱন্ধক (এল পি জি) এম বি মনােহৰ ৰয়, উপ-মহাপ্ৰৱন্ধক (চিএছআৰ) দিগন্ত ঠাকুৰীয়া উপস্থিত থাকে।