সোণাৰিঃ দেশৰ অন্যান্য ঠাইৰ লগতে আজি সোণাৰিতো ৭ম আন্তঃ ৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত, চৰাইদেউ জিলা পতঞ্জলি যোগ সমিতিৰ সহযোগত সোণাৰি আৱৰ্ত ভৱনত আয়োজিত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে যোৰহাট লোকসভা সমষ্টিৰ তপন কুমাৰ গগৈ, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, উপায়ুক্ত বিনীতা পেগু প্ৰমুখ্যে অন্যান্য ব্যক্তি সকল।
আৰু পঢ়কঃমঙলবাৰৰ পৰা প্ৰবৰ্তন হ’ব লগা SOP ত কি কি নিয়ম সংযোগ কৰিলে
এই কাৰ্যসূচীত উপস্থিত থকা বিশিষ্ট অতিথি সকলক উদ্যোক্তা সকলৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পিছতে পতঞ্জলি যোগ সমিতিৰ কৰ্মকর্তা সকলৰ মন্ত্ৰ উচ্চাৰণৰ মাজতে আনুষ্ঠানিক ভাৱে বন্তি প্ৰজ্বলন কৰি যোগ দিৱসৰ শুভাৰম্ভ কৰে।
যোগ সমিতিৰ বিষয়ববীয়া সকলৰ তত্বাৱধানত উপস্থিতি সকলোৱে যোগ অভ্যাস কৰে। কোভিডৰ নীতি নিৰ্দেশনা মানি অনুষ্ঠিত হোৱা দিৱসৰ কাৰ্যসূচীত বহু সংখ্যক ৰাইজে অংশগ্ৰহণ কৰে।