গুৱাহাটীঃ কেন্দ্ৰীয় কেবিনেট বৈঠকে বুধবাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে মাহিলী ভাত্তা (ডিএ) ৪% বৃদ্ধিত অনুমোদন জনাইছে। ১জুলাইৰ পৰা  কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়ালসকলৰ মাহিলী দৰমহা বৃদ্ধি পাব। সপ্তম দৰমহা আয়োগৰ অধীনত ৪% বৃদ্ধিৰে ডিএ বৃদ্ধি পাব ৩৮% লৈ। ইয়াৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ প্ৰায় ৫০ লাখ কৰ্মচাৰী আৰু৬২ লাখৰো অধিক পেঞ্চনাৰ উপকৃত হ’ব। চৰকাৰী কৰ্মচাৰীসকলক ডি এ প্ৰদান কৰা হয়, আনহাতে পেন্সনাৰ সকলৰ বাবে ডি আৰ।

কেন্দ্ৰীয় চৰকাৰে সপ্তম দৰমহা আয়োগৰ অধীনত ২০২২ চনৰ মাৰ্চত ডিএ বৃদ্ধি কৰিছিল। ১ জানুৱাৰী, ২০২২-ৰ পৰা ৩% ডি.এ. বৃদ্ধি হৈ ৩৪% লৈ বৃদ্ধি পাইছিল।

কোভিড মহামাৰীৰ সময়ত কেন্দ্ৰীয় চৰকাৰে ১ জানুৱাৰী ২০২০, ১ জুলাই ২০২০ আৰু ১ জানুৱাৰী ২০২১ ৰ বাবে ডি.এ. আৰু ডি.আৰ. বৃদ্ধি স্থগিত ৰাখিছিল। অৱশ্যে, চৰকাৰে ১জুলাই ২০২১ ৰ পৰা ডি.এ./ডি.আৰ. পূৰ্বৰ ১৭% ৰ পৰা ২৮% লৈ পুনৰ বৃদ্ধি কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply