মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ১৯ জনলৈ বৃদ্ধি পালে কভিড আক্ৰান্তৰ সংখ্যা। জিলাখনত বৃহস্পতিবাৰৰ দিনটোত নতুনকৈ কভিডত আক্ৰান্ত হয় ৮ জনকৈ লোক। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে কভিড আক্রান্ত লোকৰ সংখ্যা।
সমগ্ৰ দেশতে এতিয়া কভিড মহামাৰীৰ ভয়াবহ পৰিস্থিতি। দেশত প্ৰতিদিনে লাখ লাখ লোক আক্রান্ত হৈছে কভিডত। এদিনত কভিড আক্রান্তৰ দিশত ভাৰত বিশ্ব ইতিমধ্যে অভিলেখ গঢ়িছে। ভাৰতৰ বৃদ্ধি পাইছে কভিড ৰোগীৰ মৃত্যুৰ হাৰ। বিশেষকৈ দিল্লী আৰু মহাৰাষ্ট্ৰৰ অৱস্থা অধিক জটিল হৈ পৰা দেখিবলৈ পোৱা গৈছে।
দেশত কভিড মহামাৰীৰ ভয়াবহতাৰ মাজতে অসমতো প্ৰতিদিনে আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। অসমত ৰে’ল আৰু বিমানযোগ বহিঃৰাজ্যৰ পৰা অহা বহু লোকৰ শৰীৰত কভিডৰ অৱস্থিতি ধৰা পৰিছে। অসমৰ অন্যান্য জিলাৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ব্যাপক হাৰত বৃদ্ধি পাইছে আক্রান্তৰ সংখ্যা।
আৰু পঢ়কঃ
আৰু পঢ়কঃ
আৰু পঢ়কঃ দেশত আজি দ্বিতীয় দিনাও তিনি লাখ অতিক্ৰম কৰিলে আক্রান্তৰ সংখ্যা
বৃহস্পতিবাৰে জিলাখনত পুনৰ ৮ জনকৈ লোকৰ শৰীৰত নতুনকৈ কভিডৰ অৱস্থিতি ধৰা পৰাত জিলাখনত মুঠ আক্রান্তৰ সংখ্যা ১৯ জনলৈ বৃদ্ধি পাইছে। মানকাচৰৰ কাকৰিপাৰাত এজন, জোৰডাঙ্গাত এজন, ঝালৰচৰত দুজন আৰু সুখচৰত চাৰি জনসহ মুঠ ৮ জন লোকৰ শৰীৰত কভিডৰ অৱস্থিতি ধৰা পৰে। আক্ৰান্ত লোক কেইজনক হোম কোৱাৰাণ্টইনত ৰখা হৈছে।
জিলা প্ৰশাসনে ইতিমধ্যে জিলাখনৰ প্ৰতিটো গুৰুত্বপূৰ্ণ অঞ্চল আৰু বজাৰসমূহত মাস্ক পৰিধান কৰি ঘৰৰ পৰা বাহিৰত ওলাবলৈ নিৰ্দেশনা জাৰি কৰিছে।জিলাখনৰ অধিকাংশ লোক মাস্ক পৰিধান কৰা আৰম্ভ কৰিছে আৰু যি সকল লোক মাস্ক পৰিধান কৰা নাই তেওঁলোকক জৰিমনা বিহাৰ ব্যৱস্থাও জিলা আৰক্ষী প্ৰশাসনে হাতত লৈছে।
আৰু পঢ়কঃদক্ষিণ শালমাৰা-মানকাচৰ জিলাত নতুনকৈ ৬ জনৰ দেহত ধৰা পৰিল কভিড