মানকাচৰ : মানকাচৰত পুনৰ ৮ জনৰ শৰীৰত ধৰা পৰিল কভিডৰ অৱস্থিতি। জিলাখনত ৫৪ জনলৈ বৃদ্ধি পালে কভিড আক্ৰান্তৰ সংখ্যা। সোমবাৰে মানকাচৰত কভিডত আক্রান্ত হৈছিল ৭ জনকৈ বি এছ এফৰ জোৱান।
দক্ষিণ শালমাৰা-মানকাচৰ জিলাত মঙলাবাৰে নতুনকৈ ৮ জন লোকৰ শৰীৰত কভিডৰ অৱস্থিতি ধৰা পৰাত জিলাখনত আক্ৰান্তৰ সংখ্যা ৫৪ জনলৈ বৃদ্ধি পায়। উল্লেখযোগ্য যে মানকাচৰৰ কাকৰিপাৰা, জোৰডাঙ্গা, ভুৰাকাটা, দাসপাৰাকে ধৰি কেইবাখনো গাঁৱৰ ৮ জনকৈ লোকৰ দেহত কভিডৰ অৱস্থিতি ধৰা পৰে। জিলাখনত প্ৰতিদিনে কভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাই আহিছে।
ইফালে কভিডৰ নীতি নিয়ম উলংঘা কৰা লোকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। ঠায়ে ঠায়ে মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই জৰিমনা বিহাৰ ব্যৱস্থাও হাতত লৈছে। উল্লেখ্য যে সোমবাৰে জিলাখনৰ ভাৰত-বাংলাদেশ সীমান্তত নিয়োজিত ৭ জনকৈ বি এছ এফৰ জোৱানৰ শৰীৰত কভিড ধৰা পৰিছিল।