গুৱাহাটীঃ গুজৰাটৰ পৰা উদ্ধাৰ অসমৰ ৮ গৰাকী যুৱক-যুৱতী ৷

কাম দিয়াৰ প্ৰলোভনেৰে দৰংগা কালিপুৰৰ পৰা লৈ যোৱা হৈছিল গুজৰাটলৈ ৷

YouTube video

এই সন্দৰ্ভত পৰিয়ালৰ লোকে আৰক্ষীক অৱগত কৰিছিল ৷

আৰক্ষীয়ে অনুসন্ধান কৰি ৰঙিয়া ২৪ এছএছবি বেটেলিয়নৰ সহযোগত গুজৰাটৰ পৰা উদ্ধাৰ কৰে যুৱক-যুৱতী কেইগৰাকীক ৷

মঙলবাৰে কামাখ্যা গান্ধীধাম এক্সপ্ৰেছৰ জৰিয়তে যুৱক-যুৱতী কেইগৰাকীক লৈ অনা হয় কামাখ্যা ষ্টেচনলৈ ৷

লগতে পঢ়কঃমহানগৰীৰ ছাত্ৰীবাৰীত গুলীচালনাৰ ঘটনা ব্যবসায়ীৰ মৃত্যু

ৰেল আৰক্ষী আৰু ৰঙীয়া ২৪ এছএছবি বেটেলিয়নৰ সহযোগত উদ্ধাৰ কৰা যুৱক-যুৱতী কেইগৰাকীক বৰ্তমান লৈ যোৱা হয় কালিপুৰলৈ ৷

যুৱক-যুৱতীৰ দলটোত আছিল ৬ গৰাকী যুৱতী, এগৰাকী শিশু আৰু এজন যুৱক ৷

মঞ্জনা নামৰ এগৰাকী মহিলাই চাকৰিৰ প্ৰলোভন দি লৈ গৈছিল যুৱক-যুৱতী কেইগৰাকীক ৷

ছোনিয়া ফিছ পেকেজিং কোম্পানীত কাম দি এবছৰৰ দৰমহা ৮ জনৰ পৰা ৫ লাখ টকা লৈছিল ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply