নগাঁওঃ নগাঁৱৰ ঐতিহ্যমণ্ডিত খেলৰ অনুষ্ঠান নগাঁও ক্ৰীড়া সন্থা। দেশ স্বাধীন হোৱাৰ আগতে স্থাপন হোৱা নগাঁও ক্ৰিড়া সন্থাৰ আজি ৮২ তম প্ৰতিষ্ঠা দিৱসটো বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয়। পুৱাই নগাঁও চহৰৰ মাজমজিয়াৰে এখনি সজাগতামূলক দৌৰ প্ৰতিযোগিতাৰে এখনি ৰেলিও বাহিৰ কৰি আজিৰ কাৰ্যসূচী শুভাৰম্ভণি কৰা হয়।

তাৰপিছত পতাকা উত্তোলন কৰে নগাঁও ক্ৰিড়া সন্থাৰ সভাপতি ৰাজেন গোহাঁইয়ে। লগে লগে প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত লুতফুৰ ৰহমান, সম্পাদক জ্ঞান বৰা লগতে বৰণ্য খেলুৱৈ, ক্ৰীড়া সংগঠক সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

৮২ তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি নগাঁৱৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া সংগঠক সহজানন্ত ওজা দেৱক সম্ভাৰ্ধনা জনোৱা হ’ব বুলি আমাক জানিব দিয়ে নগাঁও ক্ৰিড়া সন্থাৰ সম্পাদক প্লাৱন বৰুৱাই। তাৰ উপৰিও প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এখনি প্ৰীতি বাস্কেটবল খেলৰো আয়োজন কৰা হৈছে।

উল্লেখ্য যে, এইখন খেল পথাৰৰ পৰাই খেলি হিমা দাসে আন্তঃৰাষ্ট্ৰীয় খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে। নগাঁও ক্ৰীড়া সন্থাৰ সভাপতি ৰাজেন গোঁহাইয়ে অসম চৰকাৰক নগাঁও ক্ৰীড়া সন্থাৰ প্ৰতি বিশেষ দৃষ্টি প্ৰদান কৰি প্ৰয়োজনীয় সা-সুবিধাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply