গোৱালপাৰা : শতকৰ দিশত অগ্ৰসৰ হৈছে গোৱালপাৰা জিলা। দ্ৰুত গতিত গোৱালপাৰাত বৃদ্ধি পাইছে কভিড আক্রান্ত লোকৰ সংখ্যা। জিলাখনত বর্তমানলৈকে আক্রান্ত হৈ আছে ৮৬ গৰাকী লোক। নতুনকৈ ধৰা পৰিছে ১৯ গৰাকীৰ লোকৰ শৰীৰত কভিড।

দেশত সংহাৰী ৰূপ ধাৰণ কৰিছে কভিড মহামাৰীৰ দ্বিতীয়টো ঢৌ। প্ৰতিদিনে দেশত লাখ লাখ লোক কভিডত আক্রান্ত হোৱাৰ সমান্তৰালে মৃত্যুৰ মুখত পৰিছে বহু লোক। বিশেষকৈ দেশৰ ৰাজধানী দিল্লীত কভিড আতংকৰ বাবে লকডাউনৰ ঘোষণা কৰা হৈছে। অসমত বর্তমানলৈকে পৰিস্থিতি বেয়াৰ ফালে গতি কৰা নাই যদিও প্ৰতিদিনে অসমত যি হাৰত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ইয়াক দেখি অনুমান কৰিব পাৰি যে আগন্তক দিনত পৰিস্থিতি বেয়াৰ ফালে গতি কৰিব।

গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ অন্যান্য জিলা সমূহত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কভিড আক্রান্ত লোকৰ সংখ্যা। কভিড আক্ৰান্ত জিলা সমূহৰ ভিতৰত গোৱালপাৰা জিলা শতকৰ দিশত অগ্ৰসৰ হৈছে। বৰ্তমানলৈকে গোৱালপাৰা জিলাত আছে ৮৬ গৰাকী কভিড আক্রান্ত ৰোগী। জিলাখনত নতুনকৈ ১৯ গৰাকী লোকৰ শৰীৰত ধৰা পৰিছে কভিড ভাইৰাছ।

নতুনকৈ কভিড ধৰা পৰা লোক সকলৰ ভিতৰত ১০ গৰাকী হৈছে গোৱালপাৰা নগৰৰ, ৪ গৰাকী হৈছে আগীয়াৰ, ৪ গৰাকী ৰংগজুলীৰ আৰু ১ গৰাকী মাটিয়াৰ। উল্লেখ্য যে গোৱালপাৰাৰ ৮৬ গৰাকী কভিড আক্রান্ত লোকৰ ভিতৰত প্ৰায় ২০ গৰাকী লোক হৈছে চাৰিলেন যুক্ত ৰাজপথ নিৰ্মাণৰ কামত নিয়োজিত লোক।

জিলাখনত উদ্বেগজনকভাৱে কভিড আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাত জিলা প্ৰশাসন অধিক তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে। প্ৰশাসনে ঘৰৰ পৰা বাহিৰলৈ ওলাই অহা লোক সকলক মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বজাই চলিবলৈ আহ্বান জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply