নিউজ ডেস্কঃ অসমত মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মায়ে দায়িত্ব লোৱাৰ পিছৰে পৰা ৰাজ্যখনত ড্ৰাগছৰ বিৰুদ্ধে লোৱা হৈ কঠোৰ অভিযান। ২০২১ চনৰ ১০ মে’ৰ পৰা অসমত এতিয়ালৈ আৰক্ষীয়ে বিভিন্ন থানাত ৰুজু কৰিছে ৫,২৪৬টা গোচৰ।

লগতে, ২০২১ চনৰ পৰা ড্ৰাগছ বিৰোধী অভিযানত ৮,৭২৪ জন ড্রাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰাৰ লগতে ৭৫৯ খন বাহন জব্দ কৰা হৈছে। এই সময়ছোৱাত ১,৩২৯ কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে।

অগপ বিধায়ক ৰমেন্দ্রনাৰায়ণ কলিতাৰ লিখিত প্ৰশ্নৰ উত্তৰত বিধানসভাৰ মজিয়াত আজি এই কথা সদৰী কৰে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে।

২০১১ চনৰ পৰা ২০১৬ চনৰ এপ্ৰিল মাহলৈ নিষিদ্ধ ড্ৰাগছ সন্দৰ্ভত ৮৭৬টা গোচৰ ৰুজু হৈছিল। তাৰ সমান্তৰালকৈ ৭৭০ এখন অভিযোগনামা দাখিল কৰা হৈছিল বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে গৃহ বিভাগৰ তথ্য অনুসৰি জনাই।

উল্লেখযোগ্য যে, ২০১৬ চনৰ মে’ মাহৰ পৰা এতিয়ালৈ ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে ৮, ১৭৩টা গোচৰ ৰুজু কৰাৰ লগতে ৭,০৬৩ খন অভিযোগনামা দাখিল কৰা হৈছে।

লগতে পঢ়ক – নগাঁও-কাছাৰ কাগজ কলৰ সম্পত্তিৰ মূল্য ১,৪০০.৩০১ কোটি টকা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply