গুৱাহাটী : যোৱা তিনি বছৰত ৰাজ্যত আৰক্ষীৰ জিম্মাত প্ৰাণ হেৰুৱালে ৮৮ জনে। ২০১৮ চনৰ পৰা ২০২০ চনলৈ আৰক্ষীৰ জিম্মাত মৃত্যু হৈছে ৮ জন অভিযুক্ত আনহাতে কাৰাবন্দী অৱস্থাত ন্যায়িক জিম্মাত মৃত্যু হৈছে ৮০ জনৰ।
ৰাষ্ট্রীয় মানৱ অধিকাৰ আয়োগৰ শেহতীয়া তথ্য অনুসৰি অসমত আৰক্ষীৰ জিম্মাত যোৱা তিনি বছৰত মৃত্যু হৈছে ৮৮ জন লোকৰ। ২০১৮ ৰ পৰা ২০২০ চনলৈ ৮ জনে প্ৰাণ হেৰুৱাইছে আৰক্ষীৰ জিম্মাত। ৮০ জনৰ মৃত্যু হৈছে ন্যায়িক জিম্মাত।
উল্লেখ্য যে অসম আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা ৮ জন লোকৰ পৰিয়ালক ক্ষতিপূৰণ দিব লগীয়া হৈছে ৰাজ্য চৰকাৰে। ৰাষ্ট্রীয় মানৱ অধিকাৰ আয়োগৰ নিৰ্দেশত ভুৱা এনকাউণ্টৰ, আৰক্ষীৰ অত্যাচাৰ আদিত মৃত্যু হোৱা লোকৰ পৰিয়ালক ৰাজ্য চৰকাৰে ২৮ লাখ টকা ক্ষতিপূৰণ দিছে।
লগতে পঢ়ক : উদ্যোগপতি-সমাজকৰ্মী ৰতন টাটালৈ অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান
ইফালে ২০১৮ চনত পৰা ২০২০ চনলৈ কাৰাবন্দী অৱস্থাত ন্যায়িক জিম্মাত মৃত্যু হোৱা ৮০ জনৰ ভিতৰত ১১ জনক মুঠ ৩১ লাখ টকা ক্ষতিপূৰণ দিবলগীয়া হৈছে চৰকাৰে।