সোণাৰি: ৰাষ্ট্ৰীয় আয়ুস মন্ত্ৰণালয়ৰ সৌজন্যত তথা চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত আজি সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত এখনি জিলা ভিত্তিত যোগ প্ৰতিযোগিতা অনুষ্ঠিত হয়। বন্তি প্ৰজ্বলনেৰে যোগ প্ৰতিযোগিতা খনিৰ শুভাৰম্ভ কৰি অতিৰিক্ত উপায়ুক্ত অভিজিত গগৈয়ে তেওঁৰ ভাষণত সুস্থ আৰু নিৰোগী দেহৰ বাবে যোগৰ গুৰুত্ব সম্পৰ্কে ব্যাখ্যা দাঙি ধৰে।

যোগাভ্যাসক দৈনন্দিন জীৱনৰ অংশ স্বৰূপে গ্ৰহণ কৰি সুস্বাস্থ্যৰ গৰাকী হ’বলৈ তেওঁ সকলোকে আহ্বান জনায়। অসম ভিত্তিত আয়োজিত হ’বলগীয়া যোগ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আজিৰ জিলা ভিত্তিত অনুষ্ঠিত যোগ প্ৰতিযোগিতাৰ বিজয়ী সকলক চৰাইদেউ জিলাক প্ৰতিনিধিত্ব কৰিবলৈ প্ৰেৰণ কৰা হ’ব বুলিও তেওঁ অৱগত কৰে।

৬০ গৰাকীতকৈ অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা আজিৰ প্ৰতিযোগিতা মুঠ চাৰিটা শাখাত অনুষ্ঠিত কৰা হয়। প্ৰথম শাখাত ১০ বছৰ বয়সৰ অনুৰ্ধৰ, দ্বিতীয় শাখাত ১০ বছৰ বয়সৰ উৰ্ধৰ তথা ১৮ বছৰ বয়সলৈ, তৃতীয় শাখাত ১৮ বছৰৰ পৰা ৩৫ বছৰ বয়সলৈ আৰু চতুৰ্থ শাখাত ৩৫ বছৰ বয়সৰ উৰ্ধৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। আজিৰ প্ৰতিযোগিতাত প্ৰতিযোগীসকলে ৫টাকৈ যোগাসন প্ৰদৰ্শন কৰে।

আজিৰ প্ৰতিযোগিতাৰ অন্তত ঘোষণা কৰা ফলাফল অনুসৰি প্ৰথম শাখাত বিজয়ী হয় বৰ্ণিল হাজৰিকা, দ্বিতীয় শাখাত বিজয়ী লক্ষীপ্ৰিয়া শইকীয়া, তৃতীয় শাখাত বিজয়ী বিপ্লৱ দে’ আৰু চতুৰ্থ শাখাত বিজয়ী হয় অমৰজ্যোতি দত্তই।

আজিৰ অনুষ্ঠানত সমাজ সেৱক টংকেশ্বৰ কোঁৱৰ, সমাজ সেৱীকা সংগীতা চুতীয়া তামুলী, যোগ প্ৰশিক্ষকসকল ক্ৰমে- ফুলমাই বড়া, স্বপ্নালী বেজবৰুৱা, তৃষ্ণা বড়া, বৰুণ জ্যোতি গোহাঁই, ভাস্কৰ গগৈ, দীপক গগৈ, ৰিণীজিনি খনিকৰ, দীপশিখা গগৈ আৰু লাকী বড়াৰ লগতে ভালে সংখ্যক অভিভাৱক আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply