মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটা নগৰৰ উপকণ্ঠৰ বৰগোলাই ব্লুবাৰ্ড চিনিয়ৰ চেকেণ্ডেৰী বিদ্যালয় প্রাংগনত যোগা ফিজিক এডুকেশ্যন বৰ্ড অসমৰ উদ্যোগত অষ্টম বাৰ্ষিক নেশ্যনেল য়গা এণ্ড নেচাৰ ষ্টাডি কেম্পৰ আজি সফল সামৰণি পৰে ।

সন্ধিয়া বিদ্যালয় খনৰ প্রেক্ষাগৃহত অনুষ্ঠিত সামৰণি অনুষ্ঠানত ক্ৰীড়া সংগঠক ভানু চক্ৰৱত্তী, বিশিষ্ট চিকিৎসক ডা০ টি চি বৰঠাকুৰ , ক্ৰীড়াবিদ প্রদীপ নাথ, ব্লুবাৰ্ড বিদ্যালয়ৰ অধ্যক্ষা সুজাতা চক্ৰৱত্তী , উপাধ্যক্ষা প্রিয়দৰ্শিনী বৰঠাকুৰ, ফিজিক এডুকেশ্যন বৰ্ডৰ সুখময় নাথ আৰু মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ উপসভাপতি সমীৰণ বৰঠাকুৰ, সংস্থাৰ মুখপাত্র মানস প্রতীম গগৈ আৰু বিদ্যালয় খনৰ স্বত্বাধিকাৰ তাপস ভৌমিক আদি কেইবা গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

অসমৰ বিভিন্ন জিলাৰ লগতে পশ্চিমবংগৰ প্রশিক্ষাৰ্থীয়ে অংশ গ্রহণ কৰা শিৱিৰৰ সামৰণি অনুষ্ঠানত শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় ব্লুবাৰ্ড চিনিয়ৰ চেকেণ্ডেৰী বিদ্যালয়ৰ সঞ্চালক ৰত্না ভৌমিকে । অনুষ্ঠানত প্রশিক্ষাৰ্থী সকলে যোগাসনৰ বিভিন্ন কলা কৌশল প্রদৰ্শন কৰে | সুদীপ চক্ৰৱৰ্ত্তীয়ে আঁত ধৰা অনুষ্ঠানতে প্রশিক্ষাৰ্থী সকলক প্রশংসাপত্র প্রদান কৰা হয় ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply