জনীয়া : বৰপেটা জিলাৰ জনীয়াত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। আৰক্ষীৰ জুৱা বিৰোধী অভিযানত জালত পৰিল ৯ জনকৈ জুৱাৰী। জনীয়াৰ চৌধুৰী বজাৰৰ পৰা আটক ৯ জনকৈ জুৱাৰী।

জুৱাৰ ঘাটিত পৰিণত হৈছে বৰপেটা জিলাৰ জনীয়াৰ বিভিন্ন অঞ্চল। জনীয়াৰ বিভিন্ন প্ৰান্তত একাংশ লোকে দিনে-নিশাই চলাই আছে জুৱা খেল। বিশেষকৈ জনীয়াৰ চৌধুৰী বজাৰত দীর্ঘদিন ধৰি চলি আছে জুৱা খেল।

চৌধুৰী বজাৰত জুৱা খেল চলি থকাৰ এক খবৰ লাভ কৰি আৰক্ষীৰ এটা দলে অভিযান চলাই ৯ জনকৈ জুৱাৰীক আটক কৰিবলৈ সক্ষম হৈছে। অভিযানকালত আৰক্ষীয়ে নগদ ধনসহ জুৱা খেলৰ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে৷

লগতে পঢ়ক :  স্বেচ্ছাসেৱী সংস্থা দুলুং কনজাৰভেচন ছ’চাইটিৰ সংবাদমেল

আটকাধীন জুৱাৰী কেইজন হৈছে বাদশাহ মিঞা, চানু সৰকাৰ, সৰল খান, ৰফিকুল ইছলাম, আনোৱাৰ হুছেইন, নজৰুল ইছলাম, মোজাম্মিল হুছেইন, চায়েদ আলী আৰু সাগৰ আলী৷ আৰক্ষীয়ে অভিযান চলাই জুৱাৰীসকলক আটক কৰাত স্থানীয় ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply