ৰূপহীহাট : জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত পুৱ চতিয়ান গাঁৱত বুধবাৰে পুৱা ৬ বজাত এডোখৰ ভূমিক কেন্দ্ৰ কৰি দুই পৰিয়ালৰ মাজত সৃষ্টি হয় সংঘাতৰ। ভূমি বিবাদক লৈ পৰিয়াল দুটাৰ
মাজত সৃষ্টি হোৱা সংঘর্ষত ৯ জনকৈ লোক আহত হয়।

আবু ছৈয়দ আৰু ছাইফুল ইছলাম নামৰ লোক দুজনৰ পৰিয়ালৰ মাজত দীৰ্ঘদিন ধৰি এডোখৰ ভূমিক কেন্দ্ৰ কৰি বিবাদ চলি আছিল। বুধবাৰে পুৱা ৬ বজাত আবু ছৈয়দ বাহিনীয়ে ছাইফুল ইছলামৰ দুই বিঘা ভূমি দখল কৰিবলৈ চেষ্টা কৰাত দুয়ো পক্ষৰ মাজত প্ৰথমে তৰ্ক-বিতৰ্কৰ সৃষ্টি হয় আৰু পিছত এই বিতৰ্ক সংঘৰ্ষৰ ৰূপ লয়।

ছৈয়দ বাহিনীয়ে চোকা অস্ত্ৰৰ, দা, লাঠিৰে আক্ৰমণ কৰে ছাইফুল ইছলামৰ পৰিয়ালৰ ওপৰত। উক্ত আক্ৰমণ-প্ৰত্যাক্ৰমণত ছাইফুল ইছলাম, মজিবুৰ ৰহমান, তাফাজুল ইছলাম, বাহাৰুল ইছলাম, ছাদ্দাম হুছেইন, নুৰ বানু, মাছুদা খাতুন আৰু অৰিছুল আহমেদ আহত হয়। ভূমি বেদখল কৰিবলৈ অহা আবু ছৈয়দো সামান্যভাৱে আহত হয়।

ঘটনাত উভয় পক্ষৰ ৯ গৰাকী লোক আহত হয়। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত সকলক জুৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায়। আনহাতে ঘটনা সংক্ৰান্তত দুয়োটা পক্ষ‌ই জুৰীয়া আৰক্ষী থানাত গোচৰ তৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply