লক্ষ্যাধিক টকাৰ মূল্যৱান কাঠ জব্দ

ডিফু: কাৰবি আংলং জিলাৰ বকলীয়াঘাটত ৫ লক্ষাধিক টকাৰ মূল্যৱান কাঠ সহ ১০ জন দুষ্কৃতিকাৰীক আৰক্ষীয়ে আটক কৰাৰ ঘটনা মাৰ নৌযাওতেই আকৌ জিলাখনৰ সদৰ চহৰ ডিফুতো জব্দ কৰা হয় প্ৰায় লক্ষ্যাধিক টকাৰ কাঠ ৷

কাঠখিনিৰ সৈতে বনবিভাগে আটক কৰে ৯ জনকৈ লোকক ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত চেণ্ট্ৰেল ৰেঞ্জৰ সহকাৰী বনসংৰক্ষক প্ৰণৱ তেৰাঙে কয় যে, মঙলবাৰে নিশা চলোৱা যুটীয়া অভিযান কালত বনাঞ্চলত গাড়ীৰ শব্দ শুনিবলৈ পাই প্ৰথমতে এখন ট্ৰাকত প’মা আৰু কাঠৰ ফাণ্টা বোজাই কৰা দেখা পাই চালক সহ ৯ জনকৈ লোকক আটক কৰিবলৈ সক্ষম হয় ৷

ধৃত লোককেইজনে কাঠখিনি বাহিৰলৈ নিয়াৰ ব্যৱস্থা কৰা বুলি স্বীকাৰ কৰা বুলি কয় ৷ ইয়াৰ পিছত কাঠ বোজাই কৰা ট্ৰাকখনলৈ আহি থকা সময়ত জিলাংচ’আৰু ৰংহাঙ গাঁৱৰ মাজত এএছ ০৯ চি ১৬১৩ পঞ্জীয়ন নম্বৰৰ এখন বলেৰ’ ট্ৰাকতো প’মা আৰু ফাণ্টা কাঠ জব্দ কৰিবলৈ সক্ষম হয় ৷

আটক কৰা লোক কেইজন ক্ৰমে, চালক চুম বে’, কুনাল তামাঙ, সুনিল তিৰ্কী, বাবটু ভূঁঞা, চক্ৰৱতী প্ৰধান, কৃষ্ণ ভূঁঞা, নন্দ কুমাৰ সিঙ, ছাৰ্থে ৰংফাৰ আৰু ৰুবিল পুমা ৷ অভিযানটোৰ নেতৃত্ব দিয়ে বনবিভাগৰ চেণ্ট্ৰেল ৰেঞ্জৰ এচিএফ প্ৰণৱ তেৰাঙে পূৱ আৰু পশ্চিম প্ৰটেকছন ৰেঞ্জৰ বিষয়া ক্ৰমে, বাবুল ৰংপি আৰু মণ্ডল ইংলেঙে ৷

লগতে পঢ়ক-গুৱাহাটীৰ চুপাৰ মাৰ্কেটত নতুন উৰণীয়া সেঁতুৰ মুকলি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply