নিউজ ডেস্কঃ ‘২০২১ৰ তদন্তত শ্ৰেষ্ঠতাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পদক’ সন্মান আগবঢ়োৱা হৈছে অসমৰ চাৰিগৰাকী আৰু মণিপুৰ, মিজোৰাম, মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ এগৰাকীকৈ ধৰি উত্তৰ-পূবৰ ৯ গৰাকী আৰক্ষী বিষয়ালৈ।

এই সন্মান লাভ কৰা অসমৰ চাৰিগৰাকী বিষয়া হৈছে এছএছপি বিবেকানন্দ দাস, ডিএছপি ডঃ ৰশ্মি ৰেখা শৰ্মা, পৰিদৰ্শক সুকুমাৰ সিনহা আৰু উপ পৰিদৰ্শক দীপাংকৰ গগৈ।সমগ্ৰ দেশৰ এই সন্মান লাভ কৰা সকলৰ ভিতৰত ২৮গৰাকী মহিলা আৰক্ষী বিষয়া আছে।এই সন্মান লাভ কৰা উত্তৰ-পূৰ্বাঞ্চলৰ আৰক্ষী বিষয়াকেইগৰাকী হৈছে মহিলা/উপ পৰিদৰ্শক এম প্ৰিয়দৰ্শিনী দেৱী (মণিপুৰ),ডিএছপি বনৰাপলাং জিৰৱা (মেঘালয়), উপ পৰিদৰ্শক ভি এল চামা ৰাল্টে (মিজোৰাম), উপ পৰিদৰ্শক টেমছুয়াংবা আও (নাগালেণ্ড) আৰু মহিলা উপ উপ পৰিদৰ্শক ৰীতা দেৱনাথ (ত্ৰিপুৰা)।

১৫২গৰাকী আৰক্ষী বিষয়াৰ ভিতৰত উত্তৰ-পূৰ্বৰ এই নগৰাকী আৰক্ষী বিষয়াই এই সন্মান লাভ কৰিছে।

লগতে পঢ়কঃঅসম আৰু অৰুণাচল আৰক্ষীৰ যুটীয়া অভিযানত উদ্ধাৰ ধেমাজিৰ ৫ বছৰীয়া অপহৃত শিশু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply