নিউজ ডেস্কঃ ৰাজ্যত বৃদ্ধি পাইছে অপৰাধৰ সংখ্যা। সোমবাৰে অসম বিধানসভাৰ মজিয়াত প্ৰকাশ পায় এক উদ্বেগজনক তথ্য। অগপ বিধায়ক ৰমেন্দ্ৰনাৰায়ণ কলিতাই লিখিত প্ৰশ্নৰ উত্তৰত গৃহ বিভাগৰ পৰা আহিল ৰাজ্যত অপৰাধৰ সংখ্যা।

গৃহ বিভাগে জনোৱা অনুসৰি, ২০১৬ চনৰ পৰা যোৱা ২৮ ফেব্ৰুৱাৰীলৈ অসমত সংঘটিত হৈছে ৩,৬৩,১২৫ টা অপৰাধ। তাৰে ভিতৰত, নাৰীজনিত অপৰাধ ১,৭০,১৭৪ টা, ধৰ্ষণৰ ঘটনা ১২,৭২৬ টা, নাৰীজনিত অপহৰণৰ ঘটনা ৩৯,০৭৫ টা, চুৰিৰ ঘটনা ১,০৩,২৯৬ টা, হত্যা ৮,৩৫৪ টা, ডকাইতি ১,১৫৮ টা, লুণ্ঠন ৯,৫৭৮ টা আৰু আত্মহত্যাৰ ঘটনা ১৮,৭৬৪ টা সংঘটিত হৈছে।

৩,৬৩,১২৫ টা অপৰাধৰ ভিতৰত দোষী সাব্যস্ত হোৱা অপৰাধীৰ হাৰ হ’ল ৮.৫ শতাংশ আৰু তাৰ বিপৰীতে ৯১.৫০ শতাংশই শাস্তি পৰা ৰেহাই পাইছে।

উল্লেখযোগ্য যে, গৃহ বিভাগে সদৰী কৰা মতে, কেৱল গুৱাহাটী মহানগৰীতে ২০১৬ চনৰ পৰা যোৱা ফেব্ৰুৱাৰীলৈ ধৰ্ষণৰ ঘটনা ৪৫২ টা, নাৰীজনিত অপৰাধ ৮,৭০০, নাৰীজনিত অপহৰণ ৩,১৫১, হত্যা ৫১৯, চুৰি ২৬,৭৪২, ডকাইতি ৫৩, লুণ্ঠন ৩,৩৬৬ আৰু আত্মহত্যাৰ ঘটনা ২,৫২৭ টা সংঘটিত হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply