ছয়গাঁওঃ আজি ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ এক উৎসৱমুখৰ পৰিৱেশ দেখা গৈছে কামৰূপৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী এলেকাত। অতিকৈ ভিতৰুৱা অঞ্চল হিচাপে চিহ্নিত গৰৈমাৰী এলেকাৰ পৰা প্ৰথম বাৰৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম দহটা স্হানৰ ভিতৰত নৱম স্থান লাভ কৰিবলৈ সক্ষম হৈছে তাবিবুল হক।
ছয়গাঁৱৰ গৰৈমাৰী আল আমিন ইছলামীক মডেল স্কুলৰ ছাত্ৰ তাবিবুল হকে ৫৮৯ নম্বৰ লাভ কৰি নৱম স্হান দখল কৰি অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। পোন প্ৰথমবাৰৰ বাবে অঞ্চলটোলৈ তাবিবুল হকে সুনাম কঢ়িয়াই অনাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী সকলো উৎফুল্লিত হৈ পৰিছে।
উল্লেখযোগ্য যে, ব্যক্তিগত খণ্ডৰ এই বিদ্যালয়খনৰ এনে সাফল্যত ছয়গাঁওবাসীৰ লগতে বিধায়ক ৰেকিবুদ্দিন আহমেদো উৎফুল্লিত হৈ পৰিছে৷ বিধায়ক গৰাকীয়ে ছাত্ৰ গৰাকীৰ লগতে অভিভাৱক আৰু বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী সকলক আন্তৰিক ধন্যবাদ জনাইছে৷