শুকুৰবাৰে নিশা প্ৰায় ৮ বজাত ইম্ফল পূৱ জিলাৰ হেইংগাং থানাৰ অন্তৰ্গত হেইক্ৰুমাখং উমাং লেইকাইৰ পৰা অহা মোড মিটখুক অচিনাক্ত লোকে গুলী চালনা কৰে।
তথ্য অনুসৰি, মণিপুৰৰ ইম্ফল পূব জিলাৰ হাইংগাঙত অচিনাক্ত বন্দুকধাৰীয়ে গুলীচালনা কৰাৰ ফলত আহত হয় ৪৪ বছৰীয়া এজন যুৱক।
আনহাতে, আৰক্ষী বিষয়া এজনে জানিবলৈ দিয়ামতে তেওঁৰ মূৰত এটা গুলী লাগি আঘাতপ্ৰাপ্ত হয় আৰু লগে লগে লোকজনক ইম্ফলৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
লগতে বিষয়াগৰাকীয়ে জনায় যে, বৰ্তমান লোকজনৰ অৱস্তা অতি সংকটজনক।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
এতিয়ালৈকে কোনো উগ্ৰপন্থী সংগঠনে এই গুলীচালনাৰ দায়িত্ব স্বীকাৰ কৰা নাই।