ধেমাজিঃ ধেমাজি নগৰত শনিবাৰে দিন দুপৰতে মৰিধল মহাবিদ্যালয়ৰ দুই স্নাতক মহলাৰ ছাত্ৰী নন্দিতা শইকীয়া আৰু কাশ্মিনা দত্ত আৰু কাশ্মিনাৰ পিতৃ দেৱ দত্তকো মহাবিদ্যালয় খনৰ কৰ্মচাৰী ৰিণ্টু শৰ্মাই দাৰে উপৰ্যুপৰি ঘপিয়াই গুৰুতৰভাৱে আঘাত কৰা সংঘটিত ঘটনাক লৈ আজিও ধেমাজিত প্ৰতিবাদ চলি আছে ৷
ঘটনাৰ পিছতেই তিনিওকেই ধেমাজি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও ইয়াৰে নন্দিতা শইকীয়া নামৰ ছাত্ৰী গৰাকীৰ অৱস্হা অত্যন্ত সংকটজনক অৱস্হা হোৱা বাবে ধেমাজি অসামৰিক চিকিৎসালয়ে লগে লগেই ডিব্ৰুগড়ৰলৈ প্ৰেৰণ কৰে , আজিও জীৱন মৃত্যুৰ সৈতে যুঁজ দি আছে নন্দিতাই । ব্যক্তিগত চিকিৎসালয় খনৰ পৰা জানিব পৰা মতে আজিও কমাতে আছে ছাত্ৰী গৰাকী ।
অতি গুৰুতৰ ভাবে আহত ঢকুৱাখনা কাঠৰবাৰী গাঁওৰ নবীন শইকীয়াৰ কন্যা নন্দিতা তিনিদিন ধৰি সংজ্ঞাহীন আৰু সংকটজনক অবস্থাত ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ হস্পিটেলত জীৱন মৃত্যুৰে যুঁজি আছে । অন্য দিনৰ দৰে মঙলবাৰেও নন্দিতাৰ স্বাস্থ্যৰ বুজ লবলৈ যোৱা আত্মীয় আৰু মৰিধল মহাবিদ্যালয় পৰিয়ালে জনোৱা মতে চিকিৎসালয়ৰ আই চি ইউ কক্ষত লাইফ চাপৰ্টলৈ নিথৰ জীৱন কটাইছে । কেৱল শ্বাস প্ৰশ্বাস লৈ জীৱন মৃত্যুৰে অনিৰ্বাণ যুঁজ দি যোৱা নন্দিতাৰ স্বাস্থ্যৰ অৱস্থা অপৰিৱৰ্তিত বুলি জানিব পৰা গল।
ইপিনে অন্যগৰাকী ছাত্ৰী ঢকুৱাখনা ভগামুখ গাঁওৰ কস্মিতা দত্তৰ মূৰৰ সন্মুখ ভাগত নিষ্ঠুৰ ঘাটকটোৱে মৰা প্ৰচণ্ড ঘাপৰ বাবে ৭ টা চিলাই লৈ লখিমপুৰৰ সৌমাৰপীঠ চিকিৎসালয়ৰ কোঠাত চিকিৎসাধীন নিৰীহ ছাত্ৰী গৰাকী। মূৰ আৰু বাহুত আঘাট প্ৰাপ্ত কস্মিতাৰ আভ্যন্তৰীণ আঘাট উদ্ঘাটনৰ বাবে চি টি স্কেন কৰা হৈছে।

বুকুতো ৩টা চিলাই গুৰুতৰ ভাবে আঘাত পোৱা দত্তৰ বুকুত ৩টা চিলাই পৰিছে আৰু উন্নত চিকিৎসাৰো প্ৰয়োজনীয়তা দোহাৰিছে চিকিৎসকে। আৰ্থিক ভাৱে নিঃস্ব , উপাৰ্জনহীন ব্যক্তি দেৱ দত্ত আৰু কস্মিতাৰ উন্নত চিকিৎসাত দৈন্যতাই প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে বুলি জানিব পৰা গৈছে। বৰ্বৰ ঘাটক , পাষণ্ডটোৰ আক্ৰমণত অনাহকত জীৱন ৰক্ষাৰ যুঁজত নামিব লগীয়া হোৱা এই দুই নিৰীহৰ প্ৰাণৰক্ষাৰ সংগ্ৰামত শুভাকাংক্ষীৰ আৰ্থিক সহযোগিতা জৰুৰী হৈ পৰিছে ।
একেলগে পিতৃ কন্যা চিকিৎসাধীন হৈ থকা অৱস্থাৰ পৰা সু স্বাস্থ্যৰে উদ্ধাৰৰ বাবে দুৰ্ভগীয়া পৰিয়ালটোৱে শুভানুধ্যায়ী ৰাইজৰ আৰ্থিক বৰঙণি কামনা কৰিছে। ভাৰতীয় ষ্টেট বেংকৰ ঢকুৱাখনা শাখাৰ দেৱ দত্তৰ নিজা একাউণ্ট 34365314657 ( IFS Code- SBIN0010760 ) নম্বৰত সাধ্যনুসৰী আগবঢ়াবলৈ আহ্বান জনাইছে পৰিয়ালটোৱে ।