কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ হোকমাবিলৰ লংগা নদীত মৃতদেহ উদ্ধাৰ।
মৃতদেহটো জাংগিলা বসুমতাৰী (২৬) বুলি চিনাক্ত কৰা হৈছে।
নদীত ওপঙি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক।
লগতে পঢ়কঃজীয়া ভৰলীৰ তীব্ৰ গৰাখহনীয়াত আতংকিত ৰাইজ
ঘটনাস্থলীত চেৰফাংগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।
মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰস্থিত ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
এইয়া আত্মহত্যা নে দুৰ্ঘটনা সেই সন্দৰ্ভত একো জানিবলৈ পৰা হোৱা নাই।