নিউজ ডেস্কঃ মেট্ৰিক পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত সোনকালেই ঘোষণা কৰিব ৰাজ্য়ৰ শিক্ষা বিভাগে।
২ দিনৰ ভিতৰতেই পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব বুলি শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে মঙলবাৰে ঘোষণা কৰে।
ইয়াৰ পূৰ্বে, শিক্ষা মন্ত্ৰীগৰাকীয়ে দাবী কৰিছিল যে ৰাজ্যখনত কভিড-১৯ৰ পৰিস্থিতি উন্নত হ’লেহে পৰীক্ষা অনুষ্ঠিত কৰা হ’ব। পৰীক্ষাৰ কোনো বিকল্প নাই। ইয়াক যিকোনো প্ৰক্ৰিয়াৰে অনুষ্ঠিত কৰিব লাগিব।
আৰু পঢ়কঃইংৰাজী মাধ্যমৰ আদর্শ বিদ্যালয় স্থাপনৰ বিৰোধিতা অসম জাতীয় পৰিষদৰ
আনহাতে, শিক্ষামন্ত্ৰী গৰাকীয়ে জনাই যে এই বৰ্ষৰ জানুৱাৰী মাহত নিম্ন আৰু উচ্চ বুনিয়াদী বিদ্যালয়ত নিযুক্তি লাভ কৰা ১১,১৩৫ গৰাকী শিক্ষকে নিয়মীয়াকৈ পাৰিতোষিক লাভ কৰিব।
বিভিন্ন নিম্ন, উচ্চ বুনিয়াদী বিদ্যালয়ত টিউটৰৰূপে কৰ্মৰত ১,৯৩৪ গৰাকী শিক্ষকেও লাভ কৰিব নিয়মীয়াকৈ পাৰিতোষিক।
ইতিমধ্যে তেওঁলোকৰ পাৰিতোষিকৰ ক্ষেত্ৰত বিত্ত বিভাগে অনুমোদন জনাইছে বুলি প্ৰকাশ কৰিছে মন্ত্ৰী অজন্তা নেওগে।
এইক্ষেত্ৰত ততাতৈয়াকৈ অনুমোদন জনোৱাৰ বাবে বিত্ত বিভাগক ধন্যবাদ জনায় পেগুৱে।