এক শোকাৱহ পথ দুৰ্ঘটনা।
মহানগৰীৰ খাৰঘুলিৰ অমিয়নগৰত পাহাৰৰ পৰা এখন ডাম্পাৰ বাগৰি পৰে। দুৰ্গম পথৰ পৰা বাগৰি পৰাৰ বাবে মৃত্যু হয় এগৰাকী লোকৰ।
জানিব পৰা মতে, পাহাৰৰ পৰা প্ৰায় ২০ ফুট তলত বাগৰি পৰে ডাম্পাৰ বাহনখন। দুৰ্ঘটনাত মৃত্যু হোৱা লোকজনৰ নাম বলিউডৰ আলী।
আনহাতে, এই ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে ৩ গৰাকী লোকৰ।
উল্লেখ্য যে পানী যোগান প্ৰকল্প ব্যৱহৃত আছিল এই বাহনখন।
দুৰ্গম পথ আৰু চালকৰ অসাৱধানতাৰ ফলতেই পাহাৰীয়া পথৰ পৰা তললৈ সৰি পৰে বাহনখন।