মঙলদৈঃ দৰঙৰ ছিপাঝাৰৰ ব্যাসপাৰা অঞ্চলৰ ২নং ঘোঁৰাশাল গাঁৱত সংঘটিত হ’ল সমাজক লজ্জানত কৰা ঘটনা। সমাজে এঘৰীয়া কৰা এগৰাকী ব্যক্তিক ঘৰলৈ মাতি পূজাৰ প্ৰসাদ খুওৱাৰ অপৰাধত সমাজচ্যুত হ’ল এটা পৰিয়াল।গাঁৱখনৰ আনন্দিপাৰা চুবুৰীৰ দীনেশ শৰ্মা নামৰ ব্যক্তি এগৰাকীৰ ঘৰত পূজা উপলক্ষে বহু বছৰ পূৰ্বৰ পৰাই ব্ৰাহ্মণ সমাজে এঘৰীয়া কৰি থোৱা ব্যক্তি এগৰাকী পৰিয়ালটোৰ ঘৰত পূজাত উপস্থিত হৈ প্ৰসাদ খোৱাৰ অপৰাধত সমাজৰ শাস্তিৰ সন্মুখীন হৈছে দীনেশ শৰ্মাৰ পৰিয়ালটো।
দীনেশ শৰ্মাৰ পৰিয়ালটোলৈ ব্ৰাহ্মণ সমাজে প্ৰেৰণ কৰা পত্ৰ অনুসৰি সমাজৰ নিয়ম ভংগ কৰাৰ বাবে আনন্দিপাৰা কালী মন্দিৰৰ অন্তৰ্গত পৰিয়ালসমূহৰ বাসগৃহত কোনো অনুষ্ঠানতে ভাগ ল’ব নোৱাৰিব দীনেশ শৰ্মাৰ পৰিয়ালে৷
পৰিয়ালটোক দিয়া পত্ৰখনত সভাপতি গণেশ চন্দ্ৰ শৰ্মা আৰু সম্পাদক চিত্ৰ শৰ্মাৰ স্বাক্ষৰ সম্বলিত আছে৷ ইপিনে পৰিয়ালটোৰ মূল উপাৰ্জনকাৰী দীনেশ শৰ্মা এবছৰ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ থকাৰ বাবে পত্নীয়ে দিন হাজিৰা কৰি কোনোমতে জীৱন নিৰ্বাহ কৰি আহিছে। কিন্তু উক্ত ঘটনাটোৰ পিছত ৰাইজে মহিলা গৰাকীক দিন হাজিৰাৰ বাবে বিচৰা নাই৷ নিজৰ সমাজখনৰে এচাম লোকৰ আক্ৰোশ আৰু অমানৱীয় সিদ্ধান্তৰ বলি হৈ মানসিকভাৱে ভাগি পৰিছে পৰিয়ালটো৷