গুৱাহাটীৰ হাতীগাঁও অঞ্চলৰ অজন্তা পথত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।

যোৱা নিশা প্ৰায় ১০.১৫ বজাত এই অগ্নিকাণ্ড সংঘটিত হৈছিল।

জানিব পৰা মতে, নিশা দাউদাউকৈ জ্বলি উঠিল ইটোৰ পিছত সিটো বাসগৃহ। জুইৰ লেনিহান শিখাই মুহূৰ্তৰ ভিতৰতে ছানি ধৰে সমগ্ৰ অঞ্চলটি।

লগতে, কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ ৰূপ ল’লে জুয়ে।

তথ্য অনুসৰি, অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জ্বলি ছাৰখাৰ হয় বহুতো বাসগৃহ। জুইত ৩০ তকৈও অধিক বাসগৃহ আৰু দুখনকৈ চাৰিচকীয়া বাহনত অগ্নিসংযোগ ঘটে। ইয়াৰে এখন বাহন সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

আনহাতে, অগ্নিকাণ্ডৰ মূল কাৰণ এতিয়ালৈকে পোহৰলৈ অহা নাই। স্থানীয় লোকসকলে এটা শ্বৰ্ট চাৰ্কিটৰ ফলত জুই লাগিছিল বুলি সন্দেহ কৰে।

ইতিমধ্যে, ১৫খনৰো অধিক অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰ সহায়ত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply