কামপুৰঃ মায়ানগৰী মুম্বাইৰ এটি ঘটনা সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে দেশৰ একাধিক সংবাদ মাধ্যমত।
শেহতীয়াকৈ পৰ্ণগ্ৰাফী তথা অশ্লীল ৱেব চিৰিজ নিৰ্মাণৰ সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বলিউডৰ মোহময়ী অভিনেত্ৰী শিল্পা চেট্টিৰ স্বামী ৰাজ কুন্দ্ৰাক।
শেহতীয়াকৈ অসমৰ এগৰাকী মডেলেয়ো মুখ খুলিলে ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে।
ৰাজ কুন্দ্ৰাৰ ৱেব চিৰিজত কাম কৰিবৰ বাবে সুযোগ লাভ কৰিছিল অসমৰ এগৰাকী যুৱতী মডেলে।
বিগত প্ৰায় পোন্ধৰ বছৰৰ পূৰ্বেই মুম্বাইত প্ৰতিস্থিত হোৱা নগাঁৱৰ কামপুৰৰ যুৱতী মডেল গৰাকী হ’ল ঈশিকা বৰা।
২০১৯ চনত এনে এক সুযোগ পায়ো প্ৰত্যাখ্যান কৰিছিল ঈশিকায়ে। এই সন্দৰ্ভত সকলো তথ্য সদৰি কৰাৰ লগতে এই পেচাৰ সৈতে জড়িত অসমৰ নৱপ্ৰজন্মৰ মডেল সকলক মডেলিঙৰ ক্ষেত্ৰ খনত আগবঢ়ি যাওঁতে অধিক সতৰ্ক হ’বৰ বাবে আহ্বান জনাইছে ঈশিকায়ে।
লগতে পঢ়কঃৰাজ কুন্ড্ৰাৰ বিৰুদ্ধে কোন বলীউড অভিনেত্ৰীয়ে মুখ খুলিছে