তেজপুৰঃ হাফ পেণ্ট পিন্ধি পৰীক্ষা দিবলৈ যোৱাৰ বাবেই হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হ’ল এগৰাকী ছাত্ৰী।
তেজপুৰৰ পৰীক্ষা কেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা। অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰৱেশিকা পৰীক্ষা দিবলৈ জুবলী তামুলী নামৰ ছাত্ৰী গৰাকী বিশ্বনাথ চাৰিআলিৰ পৰা তেজপুৰলৈ আহিছিল।পিছে হাফপেন্ট পিন্ধি অহাৰ বাবেই কৰ্তৃপক্ষই পৰীক্ষাত বহিবলৈ নিদিলে ছাত্ৰীগৰাকীক।
এডমিটত কোনো ধৰনৰ ড্ৰেছ ক’ড নথকাৰ বিষয়টো ছাত্ৰীগৰাকীয়ে পৰীক্ষা হলৰ দায়িত্বত থকা ব্যক্তি গৰাকীক উল্লেখ কৰাত কমনচেন্স নাই নেকি বুলি কৈ পৰীক্ষাগৃহত সোমোৱাত বাধা দিয়ে।
লগতে পঢ়কঃমূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে মৃৎ শিল্পীক
এইয়া Mental Harassment বুলি প্ৰতিবাদ কৰে ছাত্ৰীগৰাকীয়ে।অৱশেষত পৰীক্ষা আৰম্ভ হৈ যোৱাৰ ২০ মিনিটৰ পিছতহে এখন পৰ্দা গাত পিন্ধাই পৰীক্ষাহলত বহিবলৈ দিলে ছাত্ৰীগৰাকীক।
এই পৰীক্ষা অনুষ্ঠিত হৈছিল তেজপুৰৰ গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব ফাৰ্মাচিটিকেল চাইন্সত।
এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ছাত্ৰীগৰাকীৰ পিতৃয়ে শিক্ষামন্ত্ৰীক লিখিত ভাবে জনাব বুলি অবগত কৰিছে ।