তেজপুৰঃ কোৰোনাকেন্দ্ৰিক দুৰ্যোগৰ মাজতে এদল পুৰুষ- মহিলাৰ স্বাৱলম্বিতাৰ নিদৰ্শন। মুগা পলু পালন কৰি এশটা পৰিয়ালে দেখিছে উপাৰ্জনৰ সপোন।
আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ মুগা শিল্পই বিশ্বৰ বজাৰত সুকীয়া আসন দখল কৰি আহিছে ৷ সম্প্ৰতি চৌদিশে ঘাতক কোভিডৰ আগ্ৰাসনে মানুহৰ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰাৰ লগতে
কোৰোনাকেন্দ্ৰিক জটিল পৰিস্থিতিয়ে সৰ্বসাধাৰণ জনতাৰ জীৱিকালৈও সংকট মাতি আনিছে ৷
সৰ্বনাশী কোৰোনাৰ এই বিভীষিকাৰ মাজতে মুগা পলু পালনেৰেউপাৰ্জনৰ সপোন দেখিছে বৰছলাৰ এশটা পৰিয়ালে।
আৰু পঢ়কঃঅসমত আকৌ ৫৬৯৯জন কোৰোনাত আক্ৰান্ত
শোণিতপুৰ জিলাৰ বৰছলাৰ মুগা ফাৰ্মত ৪২ হেক্টৰ ভূমিত থকা ছোম গছত ১১ হাজাৰ মুগা পখিলাৰ কণীৰ মুগা পলু পালন কৰিছে ১৩ টা গোটৰ ১০০ টাকৈ পৰিয়ালে।
মুগা পলু পালনেৰে ১০০ কিলোগ্ৰাম মুগা সূতা উৎপাদন কৰি ২০ লক্ষাধিক টকা উপাৰ্জনৰ লক্ষ্য স্থিৰ কৰিছে বৰছলাৰ ৰেচম বিভাগে।
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মুগা পালকে এই মুগা খাদ্য ৰোপন কেন্দ্ৰত সোণালী সূতাৰ খেতি কৰি জীৱন-জীৱিকাৰ সপোন দেখিছে ৷
সততে ৰেচম বিভাগৰ বিৰুদ্ধে সঘনে বহু নেতিবাচক চৰ্চা হোৱা দেখা যায় যদিও শোণিতপুৰ জিলা ৰেচম বিভাগৰ তৎপৰতাত বৰছলাৰ ৰেচম বিভাগে আগবঢ়োৱা উৎসাহ,পৰামৰ্শ আৰু কাৰিকৰী দিশৰ সহযোগৰ বাবে স্থানীয় মুগা পলু পালকসকলৰ মুখত হাঁহি বিৰিঙিছে ৷