নিউজ ডেস্ক: বদৰপুৰ আৰক্ষী আৰু বি এছ এফৰ যুটীয়া অভিযানত চাৰিটাকৈ পিস্তল সহ দুইজন যুবক আটক কৰিছে । গুৱাহাটীৰ পৰা বদৰপুৰ লৈ ৰেলত আহিছিল যুবক দুইজন।

সীমান্ত সুৰক্ষা বাহিনীৰ ১নং বেটেলিয়ানৰ চোৰাংচোৱা বিভাগে বদৰপুৰ ষ্টেচন ৰোডৰ পৰা আটক কৰে যুৱক দুইজনক। যুৱক দুইজনৰ পৰা উদ্ধাৰ হৈছে চাৰিটাকৈ পিস্তল সহ মেগাজিন আৰু এটা কলম পিস্তল।

বৰ্তমানে বিএছএফ আৰু বদৰপুৰ আৰক্ষীয়েই দুইজনক থানালৈ নি সোধপোছা অব্যাহত ৰাখিছে। আটক হোৱা যুবক এজনৰ নাম এইচ লিয়াং খাইমান। ঘৰ নগালেন্ডৰ টুৱেনচাং জিলাত। আনজনৰ নাম নৰুল ইচলাম। ঘৰ কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিত।

লামডিংৰ পৰা ৰেলেৰে বদৰপুৰত উপস্থিত হোৱাৰ লগে-লগে বি এস এফে গোপন সুত্ৰৰ পম খেদি আটক কৰে যুবক দুজনক।

বি এস এফে পিছে বদৰপুৰ আৰক্ষীৰ হাতত ধৃত যুবক দ্বয়ক সমজাই দিয়ে।

যুবক দুজন ডিমাপুৰৰ পৰা পাথাৰকান্দিৰ যোৱাৰ উদ্দেশ্যে ৰেলেৰে বদৰপুৰত উপস্থিত হৈছিল।
আৰক্ষী সুত্ৰত জানিব পৰা মতে মাৰনাস্ত্ৰ সমূহ ডিমাপুৰৰ পৰা লৈ অনা হৈছিল কৰিমগঞ্জত বিক্ৰিৰ বাবে।

লগতে পঢ়ক সুস্মিতা দেবৰ তৃণমূল যাত্ৰা: অসমৰ ৰাজনীতিত সম্ভাব্য প্ৰভাৱ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply