দেৰগাওঁঃ এগৰাকী কবি-সাহিত্যিকৰ জীৱন দুৰ্দশা। উৰুখা পজাতে তেওঁৰ কলমত সৃষ্টি হৈছে ন-ন সাহিত্যিৰাজী। কোনোমতে দুবেলা দুমুঠি খাই এটি জৰাজীৰ্ণ বাসগৃহত জীৱন কটাবলগীয়া হৈছে গোলাঘাট জিলাৰ দেৰগাঁৱৰ কাকডোঙাৰ কবি,লেখক তথা সাংবাদিক ফুলেন বৰাই।

৭০’দশকৰ পৰাই ফুলেন বৰাই আৰম্ভ কৰিছিল সাহিত্যিচৰ্চা। ১৯৭৪ চনত তেওঁৰ প্ৰথম কবিতা প্ৰকাশ পাইছিল দৈনিক জনমভূমি বাতৰিকাকতত। তাৰ পাছত একেখন কাকততে ১৯৭৬চনত তেওঁৰ এটি গল্প প্ৰকাশ পাইছিল।সেয়াই আছিল তেওঁৰ সাহিত্যিৰ আৰম্ভনি।

তেওঁ ৰচনা কৰা গল্প-কবিতা বিভিন্ন আলোচনী,বাতৰিকাকতত প্ৰকাশিত হৈ আহিছে।

১৯৮২ চনত গুৱাহাটীৰ পৰা প্ৰকাশিত এখন দৈনিক বাতৰি কাকতত তেওঁ উপ সম্পাদক হিচাপে যোগদান কৰিছিল।

আৰু পঢ়কঃক’ভিড পৰিস্থিতি সন্দৰ্ভত দক্ষিণ শালমাৰা-মানকাচৰত জিলা প্ৰশাসনৰ সুকীয়া এছ অ পি

পৰৱৰ্তী সময়ত ,সাচীপাত, দৈনিক জনমভূমি, সাপ্তাহিক জনমভূমি কাকতত সেৱা আগবঢ়াইছিল কাকডোঙাৰ পৰা।

গোলাঘাট পৰা প্ৰকাশিত বৰ্তমান অধানুলপ্ত ৰাজেন শইকীয়াৰ সম্পাদনাত প্ৰকাশ পোৱা কৃষক মজদুৰ কাকতৰ তেওঁ উপসম্পাদক আছিল।

এইগৰাকী সাংবাদিক-সাহিত্যিকৰ বৰ্তমানৰ ঠিকনা এটা জহি খহি যোৱা পঁজা। সহায়ৰ বাবে জনপ্ৰতিনিধিৰ কাষ চাপিও কোনো ধৰণৰ সহায় পোৱা নাই এইগৰাকী দুৰ্ভগীয়া লেখকে।

আজিও চৰকাৰী আঁচনি সাহাৰ্যৰ পৰা উপেক্ষিত হৈ আছে ফুলেন বৰা।

এইসকল দুৰ্ভগীয়া লেখক তথা সাংবাদিকৰ এই জীৱন দুৰ্দশা নৱনিৰ্বাচিত চৰকাৰ খনৰ দৃষ্টিগোচৰ হ’বনে?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply