বৃহস্পতিবাৰে ৰাতিপুৱা প্ৰায় ১১.১৫ বজাত ৰে’ল আৰক্ষী বাহিনীয়ে গুৱাহাটী ৰে’ল ষ্টেচনত ভুৱা ভাৰতীয় মুদ্ৰাৰ নোট কঢ়িয়াই নিয়াৰ অভিযোগত এজন ব্যক্তিক আটক কৰে।
জানিব পৰা মতে, গুৱাহাটীৰ RPF, GRP আৰু CIB ৰ কৰ্মচাৰীয়ে গুৱাহাটী ৰেল ষ্টেচনৰ মূল প্ৰৱেশদ্বাৰৰ সমীপত সন্দেহজনক ভাবে গতি কৰা ব্যক্তিজনক বহু সময় লক্ষ্য কৰে। ব্যক্তিজনৰ কিছু কাৰু-কায্যত সন্দেহ হোৱাৰ বাবে বিষয়াসকলে ব্যক্তিজনক পৰীক্ষা আৰু জেৰাৰ বাবে আটক কৰে।
আনহাতে, ব্যক্তিজনৰ বেগটো পৰীক্ষা কৰাৰ পিছত তেওঁলোকে ৫০০ টকাৰ ভুৱা ভাৰতীয় মুদ্ৰাৰ নোটৰ কেইবাটাও ছপা নকৰা ৫০০টকীয়া বাণ্ডিল উদ্ধাৰ কৰে লগতে দুয়োফালে ছপা কৰি থোৱা ৫০০ টকীয়া নোটও উদ্ধাৰ কৰে।
তাৰ পাচতে, সোধা-পোচা কৰাত ব্যক্তিজনক নিজৰ নাম আৰু ঠিকনা প্ৰকাশ কৰে। ব্যক্তিজনৰ নাম ৰাজেশ মধুকৰ বাংগাৰ (৪২), মহাৰাষ্ট্ৰৰ সোলাপুৰ জিলাৰ, বৰ্ষী পুলিচ থানাৰ অন্তৰ্গত দত্ত নগৰৰ বাসিন্দা।
ব্যক্তিজনে উল্লেখ কৰে যে তেওঁ ২০২৩ চনৰ ২৪ মাৰ্চত মুম্বাইৰ পৰা গুৱাহাটীলৈ ৰে’ল যোগে যাত্ৰা কৰিছিল আৰু ২০২৩ চনৰ ২৬ মাৰ্চত গুৱাহাটীত উপস্থিত হৈছিল। ব্যক্তিজন গুৱাহাটীৰ পল্টন বজাৰৰ এখন হোটেলত বাহৰ পাতি আছিল।