তিনিচুকীয়া : স্বামীয়ে ২ লাখ টকাত পত্নীক বিক্ৰী কৰিলে কুৱেইটত। স্বামীৰ বিৰুদ্ধে এগৰাকী মহিলাৰ গুৰুত্বৰ অভিযোগ। তিনিচুকীয়াৰ এগৰাকী মহিলাই স্বামীৰ বিৰুদ্ধে এই গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে।
ৰাজ্যত ক্ৰমাৎ ভয়াবহভাৱে বৃদ্ধি পাইছে নাৰী সৰবৰাহৰ ঘটনা। প্ৰতিদিনে ৰাজ্যত নাৰী সৰবৰাহকাৰী জালত পৰি আছে যুৱতী-মহিলা। এইবাৰ এগৰাকী মহিলাই নিজ স্বামীৰ বিৰুদ্ধে উত্থাপন কৰিছে এক ভয়ংকৰ অভিযোগ।
তিনিচুকীয়া জিলাৰ আদাম প্ৰেমা নামৰ এজন লোকৰ বিৰূদ্ধে তেওঁৰ পত্নীয়ে গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে। আদাম প্ৰেমাই মহিলা গৰাকীক ২ লাখ টকাৰ বিনিময়ত কুৱেইটত বিক্ৰী কৰা বুলি অভিযোগ উত্থাপন কৰে মহিলা গৰাকীয়ে।
প্ৰায় ২ বছৰ পূৰ্বে মহিলা গৰাকীৰ স্বামী আদাম প্ৰেমাই বিক্ৰী কৰিছিল বুলি মহিলা গৰাকীয়ে অভিযোগ কৰে। মহিলা গৰাকীয়ে লগতে কয় যে আদাম প্ৰেমা নাৰী সৰবৰাহকাৰীৰ লগত জড়িত।
লগতে পঢ়ক : ডবকাত বন্যহস্তীৰ বাসস্থানৰ শ শ শালগছ কটাৰ যো জাক লৈ প্ৰতিবাদ অব্যাহত
আদাম প্ৰেমাই পুৰ্বেও অসমৰ বহু যুৱতী-মহিলাক বহিঃৰাজ্যৰ লগতে বিদেশত বিক্ৰী কৰা বুলিও মহিলা গৰাকীয়ে অভিযোগ উত্থাপন কৰে। ৩০-৪০ হাজাৰ টকাত যুৱতী-মহিলা ক্ৰয় কৰি আদাম প্ৰেমাই ১-২ লাখ টকাত বিক্ৰী কৰে বুলিও কয় মহিলা গৰাকী।