তেজপুৰঃ তেজপুৰৰ ঘটূৱা অঞ্চলত এগৰাকী অনা অসমীয়া বনিয়াই খিলঞ্জীয়া চহা কৃষকৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে।
বজং লাল ৰায়ৰ এই কাৰ্যই অঞ্চলটোৰ বহুকেইখন গাৱঁৰ গঞাক বানপানীৰ গৰাহলৈ ঠেলি দিয়াৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ আৰু মথাউৰিৰ প্ৰতিও ভাবুকি আনিছে।
ভয় ভাবুকিৰে কৃষি ভূমিত পকী বেৰা , পকী গৃহ নিৰ্মাণৰ ওখ ভেটি তুলি বৃহৎ পথাৰ ভূমি কৃষি অনুপযোগী কৰি তুলিছে।
আৰু পঢ়কঃসোণাৰিবাসীৰ মানসিক অৱসাদ দূৰ কৰিছে ডি এল লাইব্ৰেৰীয়ে
এই অঞ্চলটোৰ ৮০ শতাংশ লোকেই কৃষিজীৱি । এই কৃষিজীৱি ৰাইজৰ পথাৰ ভূমিত অনা অসমীয়া লোকজনে ২ বিঘা ১ কঠা মাটি ক্ৰয় কৰি খেতিপথাৰ পুতি হোটেল , তেল ডিপো খোলাৰ প্ৰস্তুতি চলোৱাক কেন্দ্ৰ কৰি অঞ্চলটোৰ কৃষক সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় ।
বজং লাল ৰায়ৰ এই নীতি বহিৰ্ভূত কামৰ বিৰুদ্ধে অঞ্চলটোৰ ৰাইজে ঠেলামৰা ৰাজহ চক্ৰ বিষয়াৰ ওচৰত এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে।
ইয়াৰ পিছতেই চক্ৰবিষয়া গৰাকীয়ে উক্ত অঞ্চল পৰিদৰ্শন কৰি যিবোৰ কাম নীতি বহিৰ্ভূত ভাৱে চলি আছে সেই সমূহ কামৰ নিৰ্মাণ কাৰ্য বন্ধ কৰি দিয়ে।