তেজপুৰঃ সুৰাপায়ীক সুৰাৰে গা ধুৱালে আৰক্ষীয়ে। এই অমানৱীয় ঘটনা সংঘটিত হৈছে তেজপুৰৰ বেবেজীয়া আৰক্ষী চকীৰ অন্তৰ্গত বেছেৰীয়া কনাইবৰা চুবুৰীত।
এগৰাকী সুৰাপায়ীৰ আৱাসগৃহত এগৰাকী আৰক্ষীয়ে লোকজনৰ গাত ঢালি দিছে সুৰা। বেবেজীয়া আৰক্ষীয়ে মোবাইলত ভিডিঅ’ কৰি সেই ভিডিঅ’ ছ’চিয়েল মিডিয়াত এৰি দিছে। আৰক্ষীৰ এনে কাণ্ডত স্তম্ভিত হৈ পৰে সুৰাপায়ী গৰাকী । আনকি তেওঁ আত্মহননৰ পথ বাচি লোৱাৰো হুমকি দিয়ে।
লগতে পঢ়কঃনাজিৰা অ. এন. জি. চি. মুখ্য কাৰ্যালয়ৰ সন্মুখত সদৌ শিৱসাগৰ জিলা ছাত্ৰ-সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী
এই ঘটনাৰ পিছতেই অসম আৰক্ষী সমালোচনাৰ সন্মুখীন হৈছে। সুৰাপান কৰাতো কেতিয়াও স্বাস্থ সন্মত নহয় । কিন্তু এনে কাৰ্যক সমৰ্থন কৰাৰো প্ৰশ্নই উঠিব নোৱাৰে । সুৰাপান কৰিলে বুলিয়েই ফটিকাৰে সুৰাপায়ীক আৰক্ষীয়ে গা ধুওৱাটো সমীচিন হৈছেনে বুলি বিভিন্নজনে সমালোচনা কৰিছে।