সোমবাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সভাপতিত্বত অৰুণাচল প্ৰদেশৰ সৈতে সীমা সমস্যা সন্দৰ্ভত গঠন কৰা অসমৰ আঞ্চলিক সমিতিসমূহৰ সৈতে, গুৱাহাটীৰ কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত এখন বৈঠক আয়োজন কৰা হয়।

এই বৈঠকত অসমৰ ১২খন আঞ্চলিক সমিতিৰ সদস্য, স্থানীয় বিধায়ক, সাংসদ আৰু জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে।

অসম মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰে যে, অসম আৰু অৰুণাচল প্ৰদেশ চৰকাৰে দুয়োখন ৰাজ্যৰ মাজত দীৰ্ঘদিনীয়া সীমা বিবাদ নিষ্পত্তিৰ বাবে চলিত মাহত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত দুয়োখন ৰাজ্যই বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হব। লগতে বৈঠকত অন্যান্য গুৰুত্বপূৰ্ণ দিশসমূহৰ ওপৰত পুংখানুপুংখভাৱে আলোচনা কৰা হয়।

বৈঠকৰ অন্তত বৰাই কয় যে যদি দুয়োখন ৰাজ্যৰ সন্মতি হয় তেন্তে ২০ এপ্ৰিলৰ ভিতৰতে বা অন্ততঃ এই মাহৰ ভিতৰতে স্বাক্ষৰ কৰা হ’ব বুলি আমি আশা কৰোঁ।

লগতে তেওঁ কয় যে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বৰ শক্তিশালী আৰু দূৰদৰ্শী নেতৃত্ব আৰু ৰাজনৈতিক সদিচ্ছাৰ বাবেই এইটো সম্ভৱ হৈ উঠিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply