বৰপেটা : বৰপেটাৰোড ৰে’ল ষ্টেচনত উদ্ধাৰ এগৰাকী নাবালিকা। বৰপেটাৰোড ৰে’ল আৰক্ষীয়ে উদ্ধাৰ কৰে নাৱালিকা গৰাকীক। নাবালিকা গৰাকীক উদ্ধাৰ কৰাৰ লগতে ৰে’ল আৰক্ষীয়ে দুজনকৈ যুৱকক আটক কৰে। কাম দিয়াৰ চলেৰে নাবালিকা গৰাকীক দিল্লীলৈ নিয়াৰ চেষ্টা।
বৰপেটাৰোড ৰে’ল ষ্টেচনত এগৰাকী নাৱালিকাক উদ্ধাৰ কৰিছে ৰে’ল আৰক্ষীয়ে। নামনিমুৱা নৰ্থইষ্ট এক্সপ্ৰেছৰ পৰা নাবালিকা গৰাকীক উদ্ধাৰ কৰে ৰে’ল আৰক্ষীয়ে। দুজন যুৱকে ৰে’লযোগে নাবালিকা গৰাকীক দিল্লীলৈ নি থকা অৱস্থাত ৰে’ল আৰক্ষীয়ে নাবালিকা গৰাকীক উদ্ধাৰ কৰি যুৱক দুজক আটক কৰে।
নাবালিকা গৰাকীৰ ঘৰ ওদালগুৰি জিলাৰ টংলাত আৰু যুৱক দুজনৰ বাক্সা জিলাৰ বাঁহবাৰীৰ বুলি জানিব পৰা গৈছে। নাবালিকা গৰাকীক যুৱক দুজনে কাম দিয়াৰ প্ৰলোভনেৰে ফুচলাই দিল্লীলৈ নিয়াৰ চেষ্টা চলাইছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ৰেল আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ হয় নাবালিকা গৰাকী।
লগতে পঢ়ক – বানৰ ক্ষতিৰ বুজ লোৱাৰ বাবে দৰঙত উপস্থিত কেন্দ্ৰীয় দল
ঘটনাৰ খবৰ পাই বৰপেটাৰোড ৰে’ল ষ্টেচনত উপস্থিত হয় আদিবাসী ছাত্ৰ সন্থাৰ বাহঁবাৰী আঞ্চলিক সমিতিৰ নেতৃবৃন্দ। এনে ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰাৰ লগতে এনে ধৰণৰ ঘটনাৰ সৈতে একাংশ দুষ্ট চক্ৰ জড়িত হৈ আছে বুলি মন্তব্য কৰে বৰপেটা জিলা শিৱসেনাৰ প্ৰাক্তন সভাপতি শুভব্ৰত সিনহাই।