গুৱাহাটী : শণিবাৰে মহানগৰী গুৱাহাটীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুর্ঘটনা। চিটি বাছৰ খুন্দাত থিতাতে নিহত হৈছে এজন লোক। নিহত লোক জনৰ নাম মুনিন বৰা বুলি জানিব পৰা গৈছে।

মহানগৰীত চিটি বাছৰ দৌৰাত্ম্যৰ ফলত পুনৰ এজন লোক নিহত হয়। মহানগৰীৰ পাণ্ডুত চিটি বাছৰ দৌৰাত্ম্যৰ ফলত মুনিন বৰা নামৰ এজন ৰিক্সা চালৰ মৃত্যু হয়। পাণ্ডু বজাৰত এখন চিটি বাছৰ খুন্দাত থিতাতে নিহত হয় ৰিক্সা চালক মুনিন বৰা।

জানিব পৰা মতে চিটি বাছখনৰ হেণ্ডিমেন এজনে বাছখন চলাই আছিল। দুর্ঘটনাৰ পিছতে স্থানীয় ৰাইজে পাণ্ডু বজাৰত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰে। পিছত ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

লগতে পঢ়ক- আজিৰে পৰা ভেকচিন নোলোৱা লোকৰ ৰাজহুৱা স্থানত প্ৰৱেশত বাধা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply