শুক্ৰবাৰৰ নিশা ঢকুৱাখনাত এগৰাকী গৰ্ভৱতী মহিলাই স্বামী গৃহত আত্মহনন কৰি মৃত্যুবৰণ কৰে।

ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত মাঝি গাঁওত সংঘটিত এই আত্মহননৰ ঘটনাই হত্যাকাণ্ড হোৱাৰ অভিযোগ উত্থাপন হোৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।  

তথ্য অনুসৰি, ঘটনাৰ বিৱৰণি অনুসৰি মাঝি গাঁওৰ উৎপল দাসে (২৭) ২নং বানতৌ গাঁওৰ নিবাসী ভৰত দাস আৰু ৰূপা দাসৰ কন্যা ৰিংকু দাস (১৯) ক বিবাহ কৰাই সংসাৰ পাতিছিল। স্বাভাৱিক ভাবেই জীৱন-যাপন কৰাৰ পৰৱৰ্তী সময়ত ৫ মহীয়া গৰ্ভৱতী আছিল ৰিংকু।

জানিব পৰা মতে, যোৱা নিশা ৯-৩০ বজাত ভাত পানী খাই টিভি চাই শুই থকা ৰিংকুৰ নিঠৰ শৰীৰ উদ্ধাৰ হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। স্বামী গৃহৰ নিজ কোঠাত নিজৰ চাদৰেৰে ডিঙিত চিপ লৈ মৃত্যু ঘটা বুলি জানিব পৰা গৈছে। যদিও ৰিংকুৰ পৰিয়ালৰ তৰফৰ পৰা এইয়া স্বামীৰ দ্বাৰা সংঘটিত এক হত্যাকাণ্ড বুলি অভিযোগ উত্থাপিত হৈছে।

আনহাতে, ঘটনা সন্দৰ্ভত ৰিংকুৰ পৰিয়ালে ঢকুৱাখানা সদৰ আৰক্ষীক অৱগত কৰাত শনিবাৰে পুৱাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।

উল্লেখ্য যে, ৰিংকুৱে চিপ লৈ আত্মহনন কৰা বুলি উল্লেখ কৰা হৈছে যদিও আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ৰিংকুৰ মৃতদেহ বিচনাত পৰি থকাহে প্ৰত্যক্ষ কৰে। ৰিংকুৰ পৰিয়ালে দাবী কৰে যে সম্পূৰ্ণ পৰিকল্পিত ভাবে স্বামী আৰু আত্মীয়ই হত্যা কৰিছে গৰ্ভাৱতী ৰিংকুক।

আৰক্ষীয়ে মহিলা গৰাকীৰ স্বামী উৎপল দাসক আটক কৰে।

আনহাতে, কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত চুৰতশাল প্ৰস্তুত কৰি মৃতদেহ জব্দ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

ইপিনে আৰক্ষীয়ে ৰিংকু দাসৰ মৃতদেহটো থানালৈ অনাৰ পাছত আৰক্ষী থানা আৰু অভিযুক্ত উৎপল দাসৰ বাসগৃহত ৰিংকুৰ পৰিয়ালবৰ্গই এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে। হত্যাকাৰী স্বামীক ৰাইজৰ মাজলৈ উলিয়াই দিবলৈ দাবী কৰে। ৰিংকুৰ পৰিয়ালবৰ্গই গৰ্ভৱতী মহিলা গৰাকীক হত্যাকাৰী স্বামীক ফাঁচী দিয়াৰ দাবী জনাই উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply