কলিয়াবৰঃ মাত্ৰ এটা চাউলত চাৰিখন ৰাষ্ট্ৰীয় পতাকা অংকন কৰি India book of records ত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ’ল এগৰাকী যুৱতী।

নগাঁও জিলাৰ কলিয়াবৰৰ দলগাঁও নিবাসী মানদাস সৎনামী আৰু অনিমা সৎনামীৰ কন্যা প্ৰতিভা মহিলাঙে এই বিৰল সন্মানে জিলাখনৰ লগতে ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।

প্ৰতিভাই এটা চাউলত ভাৰত, বাংলাদেশ, ইণ্ডোনেছিয়া আৰু জাপান এই চাৰিওখন ৰাষ্ট্ৰৰ চাৰিখন ৰাষ্ট্ৰীয় পতাকা অংকন কৰিছিল ।

লগতে পঢ়কঃৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সংবাদমেল সম্বোধন কৰি বিস্ফোৰণ

চলিত বৰ্ষৰ ২ নৱেম্বৰত ছাত্ৰীগৰাকীক ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ কৰ্তৃপক্ষই প্ৰদান কৰে এই সন্মান ৷

প্ৰতিভা মহিলাঙে বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত ডিমৰীয়া মহাবিদ্যালয়ৰ পৰা পৰিৱেশ ব‍্যৱস্থাপনা  বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম সমাপ্ত কৰি বৰ্তমান APSC ৰ কাৰণে প্ৰস্তুতি চলাই আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,465 other subscribers

Leave a comment

Leave a Reply Cancel reply