গুৱাহাটীৰ পৰা ছৰফৰাজ খানঃ হিজাব পৰিধানকলৈ দেশজুৰি বিতৰ্ক চলি থকাৰ মাজতে হিজাব পৰিধান কৰাৰ পক্ষত গুৱাহাটীৰ এখন শিক্ষানুষ্ঠান। শিক্ষাক ৰাজনীতিৰ পৰা আঁতৰাই ৰখাৰ আহ্বান শিক্ষা অনুষ্ঠানটোৰ ছাত্ৰী সকলৰ।

হাতীগাঁৱৰ নটবমাস্থিত হিৰ পাব্লিক স্কুল তথা মাদ্ৰাছাখনৰ ছাত্ৰীসকলে হিজাবৰ সমৰ্থন জনাই কয় যে হিজাব আমাৰ শৰীৰৰ অংগ, আমাক হিজাব পৰিধান কৰাত বাধা প্ৰদান কৰাটো উচিত নহয়। ছাত্ৰী সকলে লগতে কয় যে হিজাবক কেন্দ্ৰ কৰি বিতৰ্কৰ সৃষ্টি কৰি শিক্ষাক ৰাজনীতিকাৰণ কৰাটো উচিত নহয়।

YouTube video

উল্লেখ্য যে, কৰ্ণাটকৰ এটা শিক্ষা প্ৰতিষ্ঠানত মুছলমান ছাত্ৰী সকলে হিজাব পৰিধান কৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বিতৰ্কৰ। এগৰাকী মুছলমান ছাত্ৰীয়ে হিজাব পৰিধান কৰি হিজাবৰ বিৰোধিতা কৰা হিন্দুত্ববাদী সংগঠনৰ সদস্য সকলৰ সন্মুখত দিয়া ‘আল্লাহু অকবৰ’ ধ্বনিয়ে সমগ্ৰ বিশ্বতে চৰ্চা লাভ কৰিছে।

লগতে পঢ়কঃ তদন্তৰ প্ৰতিবেদনক সংবাদমেল পাতি সমালোচনা কৰাতো ভাল নালাগিল মুখ্যমন্ত্ৰীৰ

হিজাব পৰিধান কৰা মুছলমান ছাত্ৰী এগৰাকী সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে শিক্ষানুষ্ঠানত হিজাব পৰিধান কৰা-নকৰাকলৈ দেশজুৰি বিতৰ্কৰ সৃষ্টি হৈছে।

মহানগৰীৰ নটবমাস্থিত হিৰ পাব্লিক স্কুলৰ ছাত্ৰী তথা শিক্ষয়িত্ৰী সকলে শিক্ষানুষ্ঠানত হিজাব পৰিধান কৰাৰ সমৰ্থন জনাইছে।

কৰ্ণাটকত হিজাবক লৈ সৃষ্টি হোৱা বিতৰ্কৰ ফলত শিক্ষাৰ্থী সকলৰ শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত বেয়া প্ৰভাৱ পৰিব। হিজাব পৰিধান কৰি কোনোবাই যদি নিজৰ মান-সন্মান ৰক্ষা কৰিব বিচাৰে তেনেহ’লে ইয়াত কাৰো আপত্তি থকাটো উচিত নহয় বুলি মন্তব্য কৰে। সংবিধানেও সকলোকে নিজৰ ইচ্ছা অনুসৰি কাপোৰ পৰিধান কৰাৰ স্বাধীনতা প্ৰদান কৰিছে বুলিও ছাত্ৰী আৰু শিক্ষয়িত্ৰী সকলে মন্তব্য কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply