মৰাণঃ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ বিভীষিকাৰ মাজতে সুশৰীৰে মৰাণৰ নিজ গৃহত উপস্থিত হ’ল অঞ্চুল ভাৰ্টিয়া।
অঞ্চুলে বিগত চাৰিটা বৰ্ষ ইউক্ৰেনৰ ভিনিটছা মেডিকেল ইনষ্টিটিউটত চিকিৎসা বিজ্ঞানত অধ্যয়ন কৰি আছিল ।
ৰাছিয়া আৰু ইউক্ৰেনৰ যুদ্ধ আতংকৰ মাজতে ভাৰত চৰকাৰৰ তৎপৰতাত আজি ডিব্ৰুগড় জিলাৰ মৰাণ থানাৰ অন্তৰ্গত পিয়লী নগৰস্থিত নিজ বাসগৃহত উপস্থিত হোৱাৰ পিছতেই আনন্দিত পিতৃ সুভাষ ভাৰ্টিয়া আৰু মাতৃ ললিতা ভাৰ্টিয়া।
অঞ্চুলক মিঠাই খুৱাই স্ব-গৃহলৈ আদৰণি জনালে পিতৃ-মাতৃয়ে।