ছিপাঝাৰঃ ছিপাঝাৰৰ ধলপুৰত উপস্থিত হয় অসম আৰক্ষীৰ এটা উচ্চস্তৰীয় দল।
অসম আৰক্ষীৰ আইন-শৃংখলা বিভাগৰ আইজিপি দীপক কেড়িয়াৰ লগতে দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন ধলপুৰত উপস্থিত হৈ আইন শৃংখলা জনিত পৰিস্থিতি পৰ্যবেক্ষণ কৰে।
লগতে পঢ়কঃগড়ৰ খড়্গৰ চোৰাং বেপাৰৰ সৈতে জড়িত বন বিভাগৰ কৰ্মচাৰী; দুজনক গ্ৰেপ্তাৰ
ধলপুৰত থকা আৰক্ষী নিৰীক্ষণ চকীৰ আন্তঃগাঁঠনি উন্নত কৰাকে ধৰি অধিক আৰক্ষী নিয়োগ কৰাৰ কথা সদৰী কৰে ।
উল্লেখযোগ্য যে, শেহতীয়া ভাবে অসম চৰকাৰে ছিপাঝাৰৰ ধলপুৰত ৭৭,৪২০ বিঘা ভুমিত কৃষি কাৰ্য সম্পন্ন কৰিবলৈ কাৰ্যপন্থা হাতত লৈছে ।