নিউজ ডেস্ক : ভাৰতত চিকিৎসক সকলৰ ওপৰত হৈ থকা আক্ৰমণৰ ঘটনা বৃদ্ধি পাবলৈ ধৰাৰ প্ৰতিবাদত আৰু তেওঁলোকৰ নিৰাপত্তাৰ দাবীত ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনে আজি দেশজুৰি প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে।
উল্লেখযোগ্য যে এই একে উদ্দেশ্যৰে ছিকিমৰ এগৰাকী চিকিৎসকে যোৱা ৬ বছৰ ধৰি এখন যুঁজ চলাই আহিছে।
সুমিত পেৰিৱাল নামৰ চিকিৎসক গৰাকীয়ে যোৱা ৬ টা বছৰে ভাৰতৰ চুকে কোণে সংঘটিত চিকিৎসক নিগ্ৰহৰ প্ৰায় প্ৰতিটো ঘটনাৰ তথ্য সংগ্ৰহ কৰি আহিছে। তেওঁ চিকিৎসক সকলৰ নিৰাপত্তা, চিকিৎসকক আক্ৰমণ কৰা সকলৰ শাস্তি, কাম কৰাৰ এক নিৰাপদ পৰিৱেশ, চিকিৎসকৰ আক্ৰমণৰ ক্ষেত্ৰত সহজতে এজাহাৰ দাখিল আদি কেইবাটাও দাবীত Change.org-ৰ জৰিয়তে এক অভিযান আৰম্ভ কৰিছে।
মহাৰাষ্ট্ৰৰ ধুলেত ২০১৫ চনত এগৰাকী চিকিৎসকৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা চিকিৎসক গৰাকীয়ে তেওঁৰ এই যুঁজ আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে।
#IndiaProtectDoctors শীৰ্ষক তেওঁৰ আবেদন প্ৰতি ১২.৫ লাখ লোকে সমৰ্থন আগবঢ়াইছে, ভাৰতত ন্যায় বিচাৰি এগৰাকী চিকিৎসকে দিয়া এইয়াই আটাইতকৈ বৃহৎ আবেদন।
শেহতীয়াভাৱে ক’ভিডৰ সময়ত চিকিৎসকৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনা বৃদ্ধি পাবলৈ ধৰাৰ সময়ত পেৰিৱালৰ এই যুঁজৰ সৈতে প্ৰায় ৬ লাখ লোক নতুনকৈ চামিল হয়।
লগতে পঢ়ক : এ চি এছ বিষয়াৰ বিৰুদ্ধে ক’ভিড প্ৰটকল ভংগৰ অভিযোগ; পজিটিভ ধৰা পৰাৰ দুদিন পিছতে কাৰ্য্যলয়ত উপস্থিত
তেওঁ কয় যে পৰিস্থিতি এনে পৰ্য্যায় আহি পাইছে যে কেনেবাকৈ এগৰাকী ৰোগীৰ স্বাস্থ্য সংকটজনক অৱস্থা পাইগৈ তেতিয়া চিকিৎসকলে নিজৰ নিৰাপত্তাৰ কথা ভাবিবলগা হয়।
সমগ্ৰ বিশ্বতে চিকিৎসকৰ ওপৰত আক্ৰমণৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে যদিও আন দেশৰ তুলনাত ভাৰতত এই সংখ্যা যথেষ্ট বেছি।
ছিকিমৰ ৰাজধানী গেংটকত অলপতে চিকিৎসক আক্ৰমণৰ এক ঘটনাৰ সৈতে জড়িতসকলক ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত Epidemic Diseases Act, 1897ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল বুলি উল্লেখ মহামাৰীৰ পিছত আইনখন যেতিয়া প্ৰত্যাহাৰ কৰা হ’ব তেতিয়া কি হ’ব বুলি প্ৰশ্ন কৰে।
এনে আক্ৰমণৰ পৰা নিৰাপত্তা প্ৰদানতকৈ ইয়াৰ আঁৰৰ প্ৰকৃত কাৰণ বিচাৰি উলিওৱাটো অধিক জৰুৰী বুলি উল্লেখ কৰি তেওঁ কয়, ‘মূল কাৰণ হৈছে স্বাস্থ্যসেৱাৰ শোচনীয় অৱস্থাৰ বাবে মানুহবিলাক অতিষ্ঠ হৈ পৰিছে। আন্তঃগাথনিৰ অভাৱ আৰু চিকিৎসকৰ ওপৰত পৰা শ্ৰমৰ অত্যধিক বোজাৰ ফলত গোটেই ব্যৱস্থাটো ভাগি পৰিছে।’