নগাঁওঃ তেওঁ কোনো জনপ্ৰতিনিধি, নহয় কোনো ৰাজনৈতিক দলৰ নেতা অথবা কোনো প্ৰভাৱশালী ব্যক্তি। তেওঁ এজন সাধাৰণ যুৱক। বিশেষ ভাবে সক্ষম এই যুৱক জন নগাঁৱৰ কদমনিৰ আইদুল বাদশ্বাহ। এই বিশেষ ভাবে সক্ষম যুৱক জনৰ আছে এখন বিশাল হৃদয়। দৰিদ্ৰ লোকক সহায় কৰিব বিচৰা এটি সুন্দৰ মন।
ৰাজ্যত বানত ঘৰ-দুৱাৰ সকলো হেৰুৱাই পথৰ কাষৰ শিবিৰত আশ্ৰয় লৈ থকা আর্তজনৰ বাবে নিজৰ গাঁঠিৰ ধনেৰে আৰু বন্ধুৰ পৰা সহায় লৈ আইদুল বাদশ্বাহে শনিবাৰে বানাক্ৰান্ত ৰাইজক খুৱালে দুপৰীয়াৰ এসাজ। বিশেষ ভাবে সক্ষম হোৱাৰ পাছতো আইদুল থমকি ৰোৱা নাই দুখীয়া ৰাইজক সহায় কৰাত।
আইদুল বাদশ্বাহে বানাক্ৰান্তৰ শিবিৰত থকা ৰাইজক বিলালে দুপৰীয়াৰ আহাৰ। বানাক্ৰান্ত শিবিৰত থকা প্ৰায় ৫০০ জন লোকৰ বাবে আইদুলে শনিবাৰে ব্যৱস্থা কৰিছে দুপৰীয়াৰ আহাৰৰ। নিজে বিশেষভাবে সক্ষম হৈও সমাজখনক সুন্দৰভাবে গঢ়ি তোলাৰ মন আইদুল বাদশ্বাহৰ।