কামপুৰঃ আজি পৱিত্ৰ ঈদ। ঈদ উপলক্ষে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীলৈ এটা পেৰডী গীত উপহাৰ দিলে নগাঁও ৰাঙলুৰ এগৰাকী ইছলাম ধৰ্মালম্বী ছাত্ৰীয়ে ৷
পেৰডী গীতেই নহয় লোকগীতৰ পৰা জ্যোতি সংগীত, ৰাভা সংগীত আৰু জিকিৰ পৰিৱেশৰে সকলোকে মুগ্ধ কৰিলে ছাত্ৰী গৰাকীয়ে ৷
আৰু পঢ়কঃলাভলীনা বৰগোহাঁইক উৎসাহিত কৰাৰ বাবে সমূহীয়া চাইকেল ৰেলী
চেমিম চুলতানা বেগম নামৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী গৰাকীয়ে গীতৰ কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈয়ে গীত গাবলৈ আৰম্ভ কৰিছিল ৷
বৰ্তমান দেশৰ পৰিস্থিতিক লৈ নিজে পেৰডী গীত লিখি ঈদৰ দিনাই উপহাৰ হিচাপে দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীক ৷ ভৱিষ্যতে এগৰাকী সু-গায়িকা হোৱাৰ সপোন ছাত্ৰী গৰাকীৰ ৷